শুকুৰবাৰে ঘোষিত হাইস্কুল আৰু হাই মাদ্ৰাছাৰ ফলাফলক লৈ বৰপেটাৰোডৰ এখন বিদ্যালয়ত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বৰপেটাৰোডৰ শ্ৰীহিন্দী হাইস্কুলৰ মুঠ ৩৯গৰাকী ছাত্ৰ–ছাত্ৰীৰ ভিতৰত মাত্ৰ দুগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৩৭গৰাকীকৈ ছাত্ৰ–ছাত্ৰী অনুত্তীৰ্ণ হোৱাত এই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
কোৰোনা মহামাৰীৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে পৰীক্ষা অনুষ্ঠিত নকৰি বিদ্যালয় প্ৰধানৰ পৰা ছাত্ৰ–ছাত্ৰীৰ মূল্যায়ন লৈ ফলাফল ঘোষণা কৰিছে যদিও চহৰখনৰ শ্ৰীহিন্দী হাইস্কুলৰ এনে অবাঞ্ছিত ফলাফলক লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে ছাত্ৰ–ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত ৷
এনে অবাঞ্ছিত ফলাফলৰ বাবে জগৰীয়া কৰিছে শ্ৰীহিন্দী হাইস্কুলৰ প্ৰধান শিক্ষক সংকেত তিৱাৰীক। বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ অভিযোগ– যি দুগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে, সেই দুগৰাকীয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওচৰত টিউচন কৰিছিল, ইয়াৰ বাবে প্ৰধান শিক্ষক সংকেত তিৱাৰীয়ে উত্তীৰ্ণ কৰাই দিছে ৷ ইয়াৰে উত্তীৰ্ণ হোৱা এগৰাকী শিক্ষাৰ্থী বিদ্যালয়ৰ প্ৰি মেট্ৰিক পৰীক্ষাতো অৱতীৰ্ণ হোৱা নাছিল বুলি অভিযোগ তুলিছে অনুত্তীৰ্ণ ছাত্ৰ–ছাত্ৰীসকলে।
তেনেক্ষেত্ৰত কিহৰ ভিত্তিত সেইগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলে৷ শ্ৰীহিন্দী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱকসকলে এনে ফলাফলৰ বাবে বিক্ষুব্ধ হৈ বিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰীৰ নম্বৰ পুনৰ মূল্যায়ন কৰিবলৈ দাবী জনাইছে ৷
ইপিনে বিদ্যালয়ৰ প্ৰধান শিক্ষক সংকেত তিৱাৰীয়ে কয়– কোৰোণা মহামাৰীৰ বাবে বিদ্যালয়ত পাঠদান হোৱা নাছিল, ক্লাছ নাইন আৰু ক্লাছ টেনৰ ছাত্ৰ–ছাত্ৰীৰ ইউনিট টেষ্ট, ছয়মাহিলী আৰু বছৰেকীয়া পৰীক্ষাৰ নম্বৰ ছেবালৈ প্ৰেৰণ কৰা হৈছিল ৷ ছেবাই কিদৰে কি কৰিছে সেইটো ছেবাইহে নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰি এইক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকে কোনো মিছাৰ আশ্ৰয় লোৱা নাই বুলি উল্লেখ কৰে ৷
উল্লেখ্য, বিদ্যালয়ৰ অনলাইন পাঠদান দিয়া হৈছিল যদিও ছাত্ৰ–ছাত্ৰীৰ স্মাৰ্ট ফোন নাই ৷ শিক্ষাৰ্থীসকলে ঘৰতো অধ্যয়ন কৰা নাছিল ৷ ফলত উত্তীৰ্ণ হোৱা নাই বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষকে স্পষ্টকৈ জানিবলৈ দিয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|