মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Paper Leak | শিক্ষকেই নেতৃত্ব দিছিল প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ, কেইটামান টকাৰ লোভত নিকৃষ্ট পন্থাত নামিছিল কুমুদ–প্ৰণৱ–প্ৰসন্ন

HSLC Paper Leak | শিক্ষকেই নেতৃত্ব দিছিল প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ, কেইটামান টকাৰ লোভত নিকৃষ্ট পন্থাত নামিছিল কুমুদ–প্ৰণৱ–প্ৰসন্ন

শিক্ষকৰ দৰে এটা বৃত্তিত জড়িত থাকি লাখ লাখ ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি কুমুদ ৰাজখোৱা, প্ৰসন্ন দাস আৰু প্ৰণৱ দত্তই মেলিছিল প্ৰশ্নকাকতৰ বেহা৷

শিক্ষকৰ দৰে এটা বৃত্তিত জড়িত থাকি লাখ লাখ ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি কুমুদ ৰাজখোৱা, প্ৰসন্ন দাস আৰু প্ৰণৱ দত্তই মেলিছিল প্ৰশ্নকাকতৰ বেহা৷

  • Share this:
ক্ষীপ্ৰগতিত চলিছে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ তদন্ত৷ সমগ্ৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড শিক্ষক কুমুদ ৰাজখোৱা আৰু প্ৰণৱ দত্ত গ্ৰেপ্তাৰ হোৱাৰ পাছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য৷ কেনেদৰে চেইন ছিষ্টেমত কেইটামান টকাৰ বিনিময়ত প্ৰশ্নকাকত ফাদিল কৰিছিল সকলো কথা স্বীকাৰ কৰিছে চি আই ডিৰ জেৰাত৷ শিক্ষকৰ দৰে এটা বৃত্তিত জড়িত থাকি লাখ লাখ ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি কুমুদ ৰাজখোৱা, প্ৰসন্ন দাস আৰু প্ৰণৱ দত্তই মেলিছিল প্ৰশ্নকাকতৰ বেহা৷

পৰীক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে ভেঙুচালি কৰি উজনি অসমৰ পৰা উত্তৰ অসমলৈ মেলিছিল প্ৰশ্নকাকতৰ এই ভয়ংকৰ বজাৰখন৷ মাত্ৰ কেইটামান টকাৰ বিনিময়ত নিজৰ বিবেক বুদ্ধিক বিক্ৰী কৰিছিল তথাকথিত শিক্ষক কুমুদ, প্ৰণৱ আৰু প্ৰসন্ন দাসৰ দৰে একাংশই৷ কিন্তু এতিয়া প্ৰশ্ন উঠিছে কেৱল ২২-২৩বৰ্ষৰ মেট্ৰিক পৰীক্ষাতে লীক হৈছিল নেকি প্ৰশ্নকাকত? কেতিয়াৰে পৰা সক্ৰিয় আছিল কুমুদ-প্ৰণৱৰ গেং?

কুমুদ প্ৰণৱৰ কু–কীৰ্তিৰ আখ্যান খুচৰি মাৰাথন জেৰা চলাবলৈ শনিবাৰে লখিমপুৰৰ পৰা গুৱাহাটীলৈ অনা হয় কুমুদ ৰাজখোৱা, প্ৰণৱ দত্ত, প্ৰসন্ন দাস আৰু এজন ছাত্ৰক৷ ইপিনে শুকুৰবাৰে আদালতত হাজিৰ কৰাৰ পিছত পুনৰ তিনিদিনৰ বাবে চিআইডিয়ে জিম্মাত ল’লে ভাওৰী দেৱী চেৰাউগী মুকবধিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই আৰু শিক্ষক হেৰম্ব দাসক৷ কাৰণ এতিয়াও দিছপুৰ সংমণ্ডলৰ এটা প্ৰশ্ন কাকতৰ টোপোলাৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে।

শেহতীয়া বাতৰি