মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Paper Leak : ৰক্ষকেই ভক্ষক হৈ পৰিছে, যিসকলৰ ওপৰত বিশ্বাস ৰখা হয় তেওঁলোকে এনে কাম কৰিলে উপায় নাইকীয়া হয় : ৰণোজ পেগু

HSLC Paper Leak : ৰক্ষকেই ভক্ষক হৈ পৰিছে, যিসকলৰ ওপৰত বিশ্বাস ৰখা হয় তেওঁলোকে এনে কাম কৰিলে উপায় নাইকীয়া হয় : ৰণোজ পেগু

Ranoj Pegu (FIle Photo)

Ranoj Pegu (FIle Photo)

ছেবাৰ বিষয়া নয়নজ্যোতি শৰ্মা, ৰমেশ চান্দ জৈনৰ ওপৰত আস্থা প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, কি ভুল কৰি আছে সেয়া তথ্যসহ দেখুৱাই দিয়ক।

  • Share this:
‘‘ৰক্ষকেই ভক্ষক হৈ পৰিছে। যিসকল শিক্ষকৰ ওপৰত আস্থা–বিশ্বাস ৰাখি আগবঢ়া হয়, সেইসকল শিক্ষকে এনে কাম কৰিলে উপায় নাইকিয়া হয়।’’ – প্ৰশ্নকাকত ফাদিলক লৈ এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

ৰণোজ পেগুৱে কয়, আৰক্ষী থানা আৰু পৰীক্ষা কেন্দ্ৰৰ মাজভাগত পেপাৰ লীক হৈছে। থানাৰ পৰিৱৰ্তে পেপাৰ ৰখাৰ বাবে বিকল্প ব্যৱস্থা লোৱা হৈছে। আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিছে। শাস্তি আদালতে দিব।

ছেবাৰ বিষয়া নয়নজ্যোতি শৰ্মা, ৰমেশ চান্দ জৈনৰ ওপৰত আস্থা প্ৰকাশ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, কি ভুল কৰি আছে সেয়া তথ্যসহ দেখুৱাই দিয়ক।

শেহতীয়া বাতৰি