ছেবাই ঘোষণা কৰিলে মেট্ৰিকৰ MIL পৰীক্ষাৰ নতুন দিন। ১ এপ্ৰিলত অনুষ্ঠিত হ’ব এই পৰীক্ষা। ১৮ মাৰ্চত হ’বলগীয়া MIL/ইংৰাজী (IL)ৰ বাতিল হোৱা পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি জনাইছে ছেবা কৰ্তৃপক্ষই। টুইটাৰযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে MILৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তৰ কথা ছচিয়েল মিডিয়াযোগে সদৰি কৰিছিল। লগতে পৰীক্ষাৰ নতুন দিন শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি কোৱা হৈছিল। আজি ছেবাই ঘোষণা কৰে এই পৰীক্ষাৰ নতুন তাৰিখ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 17, 2023, 11:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।