মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Paper Leak: প্ৰশ্নকাকত ফাদিল কাণ্ডৰ নিত্য নতুন তথ্য, শিক্ষকৰ সমানে ছাত্ৰয়ো ভাইৰেল কৰিছিল প্ৰশ্নকাকত

HSLC Paper Leak: প্ৰশ্নকাকত ফাদিল কাণ্ডৰ নিত্য নতুন তথ্য, শিক্ষকৰ সমানে ছাত্ৰয়ো ভাইৰেল কৰিছিল প্ৰশ্নকাকত

চি আই ডিৰ জেৰাত মাষ্টাৰ মাইণ্ড কুমুদ ৰাজখোৱাৰ বিস্ফোৰক স্বীকাৰুক্তি

চি আই ডিৰ জেৰাত মাষ্টাৰ মাইণ্ড কুমুদ ৰাজখোৱাৰ বিস্ফোৰক স্বীকাৰুক্তি

চি আই ডিৰ জেৰাত মাষ্টাৰ মাইণ্ড কুমুদ ৰাজখোৱাৰ বিস্ফোৰক স্বীকাৰুক্তি ৷ বাকচৰ পৰা চুৰ কৰি উলিয়াই নিছিল প্ৰশ্নকাকত ৷

  • Share this:
নিতৌ ন ন তথ্য পোহৰলৈ আহিছে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ ৷ সমান্তৰালভাৱে, আৰক্ষীৰ জালত পৰিছে এজনৰ পাছত আনজন অভিযুক্ত ছাত্ৰ, শিক্ষক ৷ উচ্চ শিক্ষা লোৱাৰ আৰম্ভণিৰ প্ৰথম পৰীক্ষা মেট্ৰিক ৷ ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে অতি কষ্ট, আগ্ৰহ আৰু আশাৰে বহে জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰীক্ষাত ৷ কিন্তু কেইটামান টকাৰ বাবেই একাংশ শিক্ষকৰূপী দালালে সমগ্ৰ ব্যৱস্থাটোকে উপলুঙা কৰি ফাদিল কৰিছিল পৰীক্ষাৰ প্ৰশ্নকাকত ৷

চি আই ডিৰ জেৰাত মাষ্টাৰ মাইণ্ড কুমুদ ৰাজখোৱাৰ বিস্ফোৰক স্বীকাৰুক্তি ৷ বাকচৰ পৰা চুৰ কৰি উলিয়াই নিছিল প্ৰশ্নকাকত ৷ ছেবাৰ ছীল মোহৰ আতৰাই টকাৰ বিনিময়ত ভাইৰেল কৰিছিল প্ৰশ্নকাকত ৷ এই ঘটনাৰ তদন্তৰ মাজতে ৰহস্যজনকভাৱে পুনৰ ভাইৰেল হৈছিল ভূগোলৰো ভুৱা প্ৰশ্নকাকত ৷ ততাতৈয়াকৈ ছেবা কৰ্তৃপক্ষৰ স্পষ্টীকৰণ ভাইৰেল হোৱা প্ৰশ্নকাকত বিগত বৰ্ষৰ ৷

একাংশ দুষ্ট প্ৰকৃতিৰ লোকে ভাইৰেল কৰিছিল প্ৰশ্নকাকতখন ৷ তাৎক্ষণিকভাৱে আৰম্ভ হৈছিল আৰক্ষীৰ তদন্ত ৷ তদন্ত কৰিয়েই বহু জিলাত জাকে জাকে আটক কৰিছিল একাংশ ছাত্ৰক ৷ হোৱাটচএপৰ জৰিয়তে ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰি আটক হ'ল বহু সংখ্যক ছাত্ৰ ৷ কি হ'ব ৰাজ্যৰ কেইবালক্ষাধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ৷ বছৰ বছৰ ধৰি পঢ়া শুনা কৰি পৰীক্ষাৰ প্ৰাকমূহুৰ্তত প্ৰশ্নকাকত ভাইৰেল হোৱাত হতভম্ব হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল ৷ প্ৰশ্ন উঠিছে ছেবাৰ বিশ্বাসযোগ্যতাকলৈও ৷ লগতে শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ দালালৰ দৰে কৰা কামক একমুখে ধিক্কাৰ দিছে সকলোৱে ৷

শেহতীয়া বাতৰি