প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ মাষ্টাৰমাইণ্ড প্ৰণৱ দত্তৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এগৰাকী ছাত্ৰীৰ। ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, পূৰ্বৰে পৰা প্ৰশ্নকাকত যোগানৰ বেহা চলাইছিল প্ৰণৱ দত্তই। মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ কৰা দিয়াৰ বাবে প্ৰণৱ দত্তই ধন বিচৰাৰ অভিযোগ ভুক্তভোগী ছাত্ৰীগৰাকীৰ।
৫০০ টকাৰ বিনিময়ত প্ৰণৱ দত্তই প্ৰথম বিভাগত পাছ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ছাত্ৰীগৰাকীক। কিন্তু ছাত্ৰীগৰাকীয়ে পইচা দিয়া নাছিল। ২০২২ চনত পৰীক্ষা দিওঁতে বিচাৰিছিল টকা। বহুতৰ পৰা প্ৰণৱ দত্তই বিচাৰিছিল ধন। লুইত খাবলু উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল ছাত্ৰীগৰাকীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 17, 2023, 10:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।