নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁৱৰ ৫খনকৈ বিদ্যালয়ৰ ১৩ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁৱৰ ৫খনকৈ বিদ্যালয়ৰ ১৩ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
"ছাত্ৰ-ছাত্ৰীসকলে টিকাকৰণ অভিযানত ইতিবাচক সঁহাৰি প্ৰদান কৰিছে। আজিৰে পৰা নগাঁৱত টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰা হৈছে আৰু ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহৰ ভিতৰত সকলোতে টিকাকৰণৰ কাৰ্য সম্পূৰ্ণ হ'ব।"- নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁৱৰ ৫খনকৈ বিদ্যালয়ৰ ১৩ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক লগত লৈ নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত টিকাকৰণ অনুষ্ঠানত ভাগ লোৱা শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, এইবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত। আজিৰে পৰা আৰম্ভ হোৱা এই টিকাকৰণ অভিযানে ৯ জানুৱাৰীৰ ভিতৰত নগাঁৱৰ ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি ল'ব। নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা উপায়ুক্ত নিসৰ্গ হিভাৰে, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাটৰ আৰু নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰৰ লগতে জিলাৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া সমূহে অংশগ্ৰহণ কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|