মুখ্যপৃষ্ঠা » খবৰ

» অসম

»এটা মাত্ৰ চৰকাৰী সিদ্ধান্ত! মিঠা অভিজ্ঞতাৰ পৰা বঞ্চিত হ'ল লক্ষাধিক প্ৰাৰ্থী! পিছে কি এই সিদ্ধান্ত?

এটা মাত্ৰ চৰকাৰী সিদ্ধান্ত! মিঠা অভিজ্ঞতাৰ পৰা বঞ্চিত হ'ল লক্ষাধিক প্ৰাৰ্থী! পিছে কি এই সিদ্ধান্ত?

News18 Assam | News18-Assam
Updated:June 19, 2021, 6:41 PM IST
এটা মাত্ৰ চৰকাৰী সিদ্ধান্ত! মিঠা অভিজ্ঞতাৰ পৰা বঞ্চিত হ'ল লক্ষাধিক প্ৰাৰ্থী! পিছে কি এই সিদ্ধান্ত?
ৰাজ্যৰ চৰকাৰৰ এই সিদ্ধান্ত কিমান সঠিক নিশ্চয় সময়ে নিৰ্ণয় কৰিব ৷

ৰাজ্যৰ চৰকাৰৰ এই সিদ্ধান্ত কিমান সঠিক নিশ্চয় সময়ে নিৰ্ণয় কৰিব ৷

  • Share this:
ভয়, শংকা, অপেক্ষাৰ এটা মূহুৰ্ত! ভৱিষ্যতৰ দিনত আগবাঢ়ি যাবলৈ অনেক জনক শুভকামনা ৷ একপ্ৰকাশ জীৱন যুদ্ধৰ এয়াই যেন এক সুস্থ প্ৰতিযোগিতা ! কাৰোবাৰ মুখত হাঁহি, কাৰোবাৰ চকুত কান্দোন ৷ আশা হয়টো প্ৰতিজনৰে- জয় ৷

যিখন যুদ্ধৰ বাবে জীৱনৰ ১০ বছৰীয়া এক সংগ্ৰাম, জয় পৰাজয়ৰ বতৰা ল'বলৈ কিমানৰ যে আশা প্ৰত্যাশা ৷ মুঠৰ ওপৰত সেই বিশেষ দিনটো চমু চাপি আহিলেই ক্ৰমাৎ বৃদ্ধি হয় এক উৎকণ্ঠা ৷ আৰু ভবিষ্যত দিনত ই হৈ পৰে জীৱনৰ আটাইতকৈ স্মৰণীয় মূহুৰ্ত ৷ অতীত ৰোমন্থনৰ সঘনে উচ্চাৰিত হয় এই বিশেষ দিনটো ৷ পিছে, আবেগ ভৰা জীৱনৰ এই বিশেষ স্মৃতিৰ পাতখিলা হেৰুৱাবলৈ ওলাইছে ৰাজ্যৰ প্ৰায় আঢ়ৈ লক্ষ পৰীক্ষাৰ্থী ৷

২০২১ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হ'বলগীয়া ৰাজ্যৰ প্ৰাৰ্থীসকলৰ কথাকে কোৱা হৈছে। কোভিড পৰিস্থিৰি বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলৰ সিদ্ধান্ত ৰাজ্যৰ চৰকাৰৰ ৷ চৰকাৰৰ এনে সিদ্ধান্ত লগে লগে শিক্ষা জীৱনৰ প্ৰথমখন প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিব লগীয়া হ'ল আঢ়ৈ লক্ষ শিক্ষাৰ্থী ৷

পূৰ্বৰ দৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ নাথাকিব কোনো উৎসাহ, উৎদ্দীপনা ৷ নাথাকে ওচৰ চুবুৰীয়া কোনো চৰ্চা ৷ মাথোন গতানুগতিক পৰীক্ষাৰ দৰে প্ৰকাশ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ শিক্ষাৰ্থীসকলৰো ভৱিষ্যত পৰীক্ষাৰ ফলাফলৰ মিঠা অভিজ্ঞাৰ বিষয়ে সুঁৱৰিবলৈ নাথাকিব কোনো স্মৃতি। আন দহজনৰ তুলনা কিছু পৃথক হ'ব এইসকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ স্মৃতি!
Published by: Himangshu Bhuyan
First published: June 19, 2021, 6:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি