হোজাইত মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে লৈছে ভয়ঙ্কৰ ৰূপ। হোজাইত গান্ধী বিদ্যাপীঠ হাইস্কুল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নিশা প্ৰধান শিক্ষকৰ ঘৰৰ সম্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।
অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰা প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাত প্ৰধান শিক্ষক গৰাকীয়ে ঘৰৰ পৰা আঁতৰি থাকিব লগীয়া হয়। পৰৱৰ্তী সময়ত আৰক্ষী, চি আৰ পি এফ আৰু দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায়।
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ দাবীত অটল থকাত প্ৰতিবাদস্থলীত উপস্থিত হোৱা দণ্ডাধীশে প্ৰতিবাদীকাৰী ছাত্ৰ-ছাত্ৰীসকলে ১৪৪ ধাৰা ভংগ কৰা বুলি মাইক যোগে ঘষণা কৰে। লগতে প্ৰতিবাদস্থলী ত্যাগ নকৰিলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক আটক কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
অন্যহাতে প্ৰতিবাদস্থলীত দুজনী ছাত্ৰী অচেতন হৈ পৰাত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লক্ষণীয় যে উক্ত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে পুৱাৰ ভাগতো বিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো কোনো সুফল নোপোৱাত নিশা পুনৰ প্ৰধান শিক্ষকৰ ঘৰৰ সমুখত প্ৰতিবাদ কৰি পৰিস্থিত উত্তপ্ত কৰি তোলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|