কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা? মেট্ৰিক পৰীক্ষাত এইবাৰ কি কি নতুন নিয়ম?

News18 Assam | News18-Assam
Updated:February 9, 2020, 9:29 AM IST
কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা? মেট্ৰিক পৰীক্ষাত এইবাৰ কি কি নতুন নিয়ম?
Photo : Telegraph India

পৰীক্ষাৎ অসৎ উপায় অৱলম্বন কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ হৈছে ছেবা কৰ্তৃপক্ষ।পৰীক্ষা কেন্দ্ৰত নকল  কৰি ধৰা পৰিলে কেৱল বাহিষ্কৃাৰ কৰাই নহয়, তিনি বছৰৰ বাবে হ’ব নিলম্বন।

  • Share this:
শিক্ষা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। সোমাবাৰৰ পৰা ৰাজ্যৰ ৮৬০টা পৰীক্ষা কেন্দ্ৰত ২৯ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হ’ব ৰাজ্যৰ ৩ লাখ ৫৮ হাজাৰ ৪৫৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,৬৭,৮৫০ গৰাকী ছাত্ৰ আৰু ১,৯০,৬০৩ গৰাকী ছাত্ৰী।

ৰাজ্যৰ ভিতৰত নগাঁও জিলাত সৰ্বাধিক ২৬,১৩৯ গৰাকী পৰীক্ষাৰ্থী। ডিমা হাছাও নিৰ্বনিম্ন পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ২,৭৬৪ গৰাকী। বিগত বৰ্ষতকৈ এইবাৰ ছেবাৰ পাঠ্যক্ৰমত ছয় হাজাৰৰো অধিক পৰীক্ষাৰ্থী বৃদ্ধি হৈছে। বিগত বৰ্ষত পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩,৫২,১৪৩ গৰাকী।

পৰীক্ষাৎ অসৎ উপায় অৱলম্বন কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ হৈছে ছেবা কৰ্তৃপক্ষ।পৰীক্ষা কেন্দ্ৰত নকল  কৰি ধৰা পৰিলে কেৱল বাহিষ্কৃাৰ কৰাই নহয়, তিনি বছৰৰ বাবে হ’ব নিলম্বন। যাৰ বাবে ছেবাই গঠন কৰিছে এখন কমিটী। পৰীক্ষা কেন্দ্ৰসমূহত ম’বাইল ব্যৱহাৰ কৰিলেও ল’ব কঠোৰ ব্যৱস্থা।

নকল কৰা পৰীক্ষাৰ্থীৰ লগতে পৰীক্ষা কেন্দ্ৰই হেমাহি কৰিলে চিৰদিনৰ বাবে বাতিল কৰিব পৰীক্ষা কেন্দ্ৰ। প্ৰথমবাৰৰ বাবে পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষাৰ্থীৰ সন্মুখত নিৰীক্ষকে খুলিব লাগিব প্ৰশ্নকাকত। দুজন পৰীক্ষাৰ্থীক সাক্ষী কৰিব খুলিব প্ৰশ্নকাকতৰ টোপোলা। ইয়াৰ উপৰি ছটাকৈ বিষয়ত হ’ব বেলেগ বেলেগ ৰঙৰ প্ৰশ্নকাকত।

পৰীক্ষাৰ্থীৰ লগতে পৰীক্ষা নিৰীক্ষকে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত নিব নোৱাৰিব মোবাইল, ঘড়ী, বেগ আৰু কেলকুলেটৰ। পৰীক্ষাৰ্থীয়ে বহীত লিখিব লাগিব ক’লা চিঞাহীৰে। পৰীক্ষা কেন্দ্ৰৰ  ৫০ মিটাৰৰ ভিতৰত থাকিব নোৱাৰিব কোনো ব্যক্তি। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

প্ৰতিটো স্পৰ্শকাতৰ কেন্দ্ৰত নিয়োগ কৰা হৈছে ফ্লায়িং স্কোৱাড। তদুপৰি ২৫টা কেন্দ্ৰত জামাৰ সংস্থাপন কৰা হৈছে। পূৰ্বৰ দৰে এইবাৰো সকলো পৰীক্ষা কেন্দ্ৰত লগোৱা হৈছে  চিচিটিভি কেমেৰা। লগতে, দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে প্ৰদান কৰা হ’ব এঘণ্টা অধিক সময়। ইফালে, পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰাজ্যৰ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীক শুভেচ্ছা জনাইছে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি