• Home
  • »
  • News
  • »
  • assam
  • »
  • ফেব্ৰুৱাৰীত নহয়, মাৰ্চতহে হ’ব মেট্ৰিক পৰীক্ষা, ঘোষণা SEBAৰ

ফেব্ৰুৱাৰীত নহয়, মাৰ্চতহে হ’ব মেট্ৰিক পৰীক্ষা, ঘোষণা SEBAৰ

বিদ্যালয় খোলাৰ পিছত শিক্ষকসকলে পাঠ্যক্ৰম সমাপ্ত কৰাৰ বাবে দিন ৰাতি কাম কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
২০২১ বৰ্ষত ফেব্ৰুৱাৰীত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা। তাৰ পৰিৱৰ্তে মাৰ্চ মাহত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। এই ঘোষণা কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ অসম চমুকৈ ছেবাই। ৰাজ্যত কোৰোণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই।

কিন্তু পৰিস্থিতি অনুসৰি সলনি হ’ব পাৰে পৰীক্ষাৰ দিন অথবা মাহ। পূৰ্বৰ পৰাই ফেব্ৰুৱাৰীৰ মাজ ভাগত অনুষ্ঠিত হৈ আহিছিল পৰীক্ষা। ছটা মাহ ধৰি ৰাজ্যত বন্ধ হৈ আছে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ। যাৰ বাবে শিক্ষা গ্ৰহণ কৰিব পৰা নাই ছাত্ৰ-ছাত্ৰীসকলে। অনলাইনৰ জৰিয়তে শিক্ষাদান কৰি থকা হৈছে যদিও এশ শতাংশ উপকৃত হ’ব পৰা নাই শিক্ষাৰ্থীসকল। কেৱল ৭০ শতাংশ ছাত্ৰ-ছাত্ৰীকহে চুব পৰিছে ছেবাই। সেয়াও পৰীক্ষা পিছুওৱা অন্য এক কাৰণ।

ছেবাৰ অধ্যক্ষ ৰমেশ ছন্দ জৈনে জনোৱা অনুসৰি, কোভিডৰ বাবে ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে এইবাৰ মাৰ্চ মাহৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত আৰম্ভ হ’ব পৰীক্ষা। বিদ্যালয় খোলাৰ পিছত শিক্ষকসকলে পাঠ্যক্ৰম সমাপ্ত কৰাৰ বাবে দিন ৰাতি কাম কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, ছেবাই ইতিমধ্যে ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published by:Sanjay Kumar Das
First published: