মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোৰোণা কালৰ মাজতে অনুষ্ঠিত হ’ব মেট্ৰিক–হাই মাদ্ৰাছা পৰীক্ষা, কি হ’ব কোভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ?

কোৰোণা কালৰ মাজতে অনুষ্ঠিত হ’ব মেট্ৰিক–হাই মাদ্ৰাছা পৰীক্ষা, কি হ’ব কোভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ?

News18 Assam | News18-Assam
Updated:April 14, 2021, 8:17 PM IST
কোৰোণা কালৰ মাজতে অনুষ্ঠিত হ’ব মেট্ৰিক–হাই মাদ্ৰাছা পৰীক্ষা, কি হ’ব কোভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ?
পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ছেবাই বান্ধি দিছে নীতি–নিৰ্দেশনা। সম্পূৰ্ণ কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ’ব পৰীক্ষা।

পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ছেবাই বান্ধি দিছে নীতি–নিৰ্দেশনা। সম্পূৰ্ণ কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ’ব পৰীক্ষা।

  • Share this:
কোৰোণা কালৰ মাজতে অসমত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। এই সন্দৰ্ভত ইতিমধ্যে ছেবাই জাৰি কৰিছে জাননী। কোৰণাৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত ব’ৰ্ড পৰীক্ষা বাতিল কৰাৰ সময়তে ছেবাই পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত কোৰোণা নিয়ন্ত্ৰণৰ ভিতৰত থকা বাবে এই সিদ্ধান্ত ছেবাৰ।

পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ছেবাই বান্ধি দিছে নীতি–নিৰ্দেশনা। সম্পূৰ্ণ কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ্থীয়ে বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব।

কোৰোণাত আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে থাকিব সুকীয়া ব্যৱস্থা। পৰীক্ষা কেন্দ্ৰসমূহ বিদ্যালয়ৰ পৰা ১ কিলোমিটাৰ দূৰত্বৰ ভিতৰত থাকিব লাগিব। যদিহে এনে ব্যৱস্থা নাই, তেন্তে পৰীক্ষাৰ্থীৰ বাবে অস্থায়ী টেণ্টৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ। ব্যৱস্থাসমূহৰ বাবে প্ৰতিজন পৰীক্ষাৰ্থীৰ বাবে কেন্দ্ৰত দিয়া হ’ব ২৫ টকাকৈ। 

আনহাতে, কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা।
Published by: Sanjay Kumar Das
First published: April 14, 2021, 8:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি