• Home
  • »
  • News
  • »
  • assam
  • »
  • HSLC Exam Result: ভাল ৰিজাল্টৰ বাবে হৈছে নেকি ধনৰ লেনদেন? কামৰূপৰ ২ স্কুল আৰু পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান, জব্দ নথি–পত্ৰ

HSLC Exam Result: ভাল ৰিজাল্টৰ বাবে হৈছে নেকি ধনৰ লেনদেন? কামৰূপৰ ২ স্কুল আৰু পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান, জব্দ নথি–পত্ৰ

হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বে মূল্যায়নৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱাৰ সন্দেহ।

হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বে মূল্যায়নৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱাৰ সন্দেহ।

হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বে মূল্যায়নৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱাৰ সন্দেহ।

  • Share this:

মেট্ৰিকত ভাল ৰিজাল্ট দিয়াৰ নামত বৃহৎ ধনৰ লেনদেন অভিযোগৰ ভিত্তিত কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষীয়ে চলালে অভিযান। হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বে মূল্যায়নৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱাৰ সন্দেহ কৰি আৰক্ষীয়ে আজি অভিযান চলায় কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত।


প্ৰায় ৪ ঘন্টা ধৰি অভিযান চলায় কামৰূপ আৰক্ষীয়ে। জানিব পৰা মতে, আৰক্ষীৰ এশজনীয়া দলে চলোৱা এই অভিযানত সোধা–পোছাৰ বাবে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নিয়ে কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শক, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়কক। ইয়াৰ লগতে কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো সোধা–পোছা কৰা হয়।


আনহাতে অভিযান কালত কামৰূপ জিলা স্কুলসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও লেপটপ, মোবাইল ফোন আৰু বহুতো নথিপত্ৰ। ইয়াৰ লগতে অভিযানত কামৰূপ আৰক্ষীয়ে বুজন পৰিমাণৰ নগদ ধনো জব্দ কৰা বুলি জানিব পৰা গৈছে।


উল্লেখ্য, ইয়াৰ আগেয়ে আৰক্ষীয়ে দক্ষিণ কামৰূপৰ গৰৈমাৰীত দুখন স্কুলত অভিযান চলায় এনে সন্দেহৰ ভিত্তিত। স্কুল দুখনৰ অধ্যক্ষক এই সন্দৰ্ভত সোধা–পোছা কৰা বুলিও জানিব পৰা গৈছে। কিন্তু আৰক্ষীৰ এই অভিযান সন্দৰ্ভত এতিয়ালৈ অধিক তথ্য জানিব পৰা যোৱা নাই যদিও তীব্ৰতৰ তদন্তৰ অন্তত জানিব পৰা যাব আচল সত্য।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি