আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দশম স্থান অধিকাৰ কৰি গৌৰৱ কঢ়িয়াই অনাৰ লগতে শিৱসাগৰ জিলাৰ ডিমুৱালত অৱস্থিত বিদ্যাভৱনৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণ কৰিলে অচ্যুত বৰুৱাই।
উল্লেখযোগ্য যে ১৯৯৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যাভৱনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগত বৰ্ষবোৰত এশ শতাংশ উত্তীৰ্ণৰ ফলাফল লাভ কৰিছে যদিও ৰাজ্যখনৰ ভিতৰত স্থান লাভৰ পৰা বঞ্চিত হৈ আহিছিল ৷ আজি বিদ্যালয়খনৰ মেধাৱী ছাত্ৰ অচ্যুতে এই গৌৰৱ কঢ়িয়াই অনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন শুভাকাংক্ষী শিক্ষানুৰাগী ৰাইজ বিদ্যাভৱনৰ চৌহদত উপস্থিত হোৱাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই সফলতাৰ আনন্দত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে ৷
এই সাফল্যত আৱেগ আৰু আনন্দত আত্মহাৰা হৈ পৰিল বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্ৰীৰ লগতে বিদ্যাভৱনৰ সঞ্চালক ফণী চেতিয়া ৷ শিৱসাগৰ জিলাৰ বকতা মৌজাৰ নঙলামৰা গড়মূৰৰ যুৱ ব্যৱসায়ী নৱ বৰুৱা আৰু মণিকা কোঁৱৰৰ পুত্ৰ অচ্যুতে ৯৭.৫ শতাংশ নম্বৰ লাভ কৰি এই স্থান দখল কৰিবলৈ সক্ষম হয়। দৈনিক ন–দহ ঘণ্টাকৈ অধ্যয়ন কৰা অচ্যুতে ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ লক্ষ্যৰে বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে ৷
বিদ্যাভৱনৰ পৰা এইবাৰ মুঠ ৪৫ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৩৯ জনে প্ৰথম বিভাগত, ৫জনে দ্বিতীয় আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ ইয়াৰে ১৫ জনে ডিষ্টিংশ্যন, ১২জনে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে ৷
আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান লাভ কৰিছে নাজিৰাৰ শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী বৰষ বৰষা চেতিয়া। হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাজিৰাৰ শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ বৰষ বৰষা চেতিয়াই নৱম স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনত উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে।
শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দ উল্লাহ। ৯৯.৬৬ শতাংশৰে ছাত্ৰীগৰাকীয়ে শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বৰষ বৰষা চেতিয়াই ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন থকা বুলি জানিবলৈ দিয়ে।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 18:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।