হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই গুৱাহাটীৰ এলেন কেৰিয়াৰ ইনষ্টিটিউট পাঠগ্ৰহণ কৰি থকা অৱস্থাতে জানিবলৈ পাই তেওঁ মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে।
হৃদমে প্ৰকাশ কৰে যে তেওঁ স্থানপ্ৰাপ্তিৰ বাবে অধ্যয়ন কৰা নাছিল, কিন্তু পৰীক্ষা দিয়াৰ পিছত ধাৰণা হৈছিল যে তেওঁ কোনো এটা স্থানত থাকিব। এইক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিব বুলি ভবা নাছিল। কিন্তু এই সাফল্যক লৈ বহু সুখী আৰু অভিভাৱকক সুখ্যাতিৰ মাজেৰে অকণমান সুখ দিব পাৰি তেওঁ আনন্দিত বুলি জানিবলৈ দিয়ে।
এতিয়া তেওঁ এলেনত অভিযন্তাৰ বাবে ক'চিং কৰি আছে যদিও পদাৰ্থ বিজ্ঞানৰ প্ৰতি তেওঁৰ বিশেষ ৰাপ আছে আৰু এই দিশত মাষ্টাৰ ডিগ্ৰী তথা পি এইচ ডি ডিগ্ৰী লৈ পদাৰ্থবিদ হ'ব বিচাৰে।
উল্লেখ্য, হৃদম ঠাকুৰীয়াই মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯৬ নম্বৰ লাভ কৰিছে। ছাত্ৰগৰাকীয়ে ইংৰাজীত ১০০ৰ ভিতৰত ১০০ নম্বৰ, গণিতত ১০০ৰ ভিতৰত ১০০ নম্বৰ পোৱাৰ লগতে সমাজ বিজ্ঞান আৰু ঐচ্ছিক গণিতত ১০০ ৰ ভিতৰত ১০০ নম্বৰেই লাভ কৰিছে।
ইয়াৰ বাহিৰে বাকী দুটা বিষয় অসমীয়া আৰু সাধাৰণ বিজ্ঞানত ১০০ৰ ভিতৰত ৯৮কৈ নম্বৰ লাভ কৰে। উল্লেখ্য, সময়ৰ হিচাপ কৰি তেওঁ কেতিয়াও পঢ়া নাছিল। অধ্যয়নৰ প্ৰতি থকা ধাউতিৰ ফলত তেওঁ কেইবাঘণ্টালৈ পঢ়া–শুনা কৰিছিল।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 16:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।