মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ বৰ্তমান বিভিন্ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ এই কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড প্ৰণৱ দত্তক গ্ৰেপ্তাৰ কৰাৰ পিছতেই কেইবাজন লোক এই কাণ্ডৰ লগত জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। শুকুৰবাৰে লখিমপুৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত জড়িত আন এজন মাষ্টাৰমাইণ্ডক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন শিক্ষকৰ নাম প্ৰসন্ন দাস বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, আটক প্ৰসন্ন দাস ডফলাকটা জনজাতি হাইস্কুলৰ এজন শিক্ষক। তেওঁ প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টাৰমাইণ্ডৰ সহযোগী পলাতক কুমুদ ৰাজখোৱাই শিক্ষকতা কৰা স্কুলৰে এজন শিক্ষক। বৰ্তমান CID–এ প্ৰসন্ন দাসক জেৰা অব্যাহত ৰাখিছে।
ইয়াৰোপৰি, মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত গোগামুখৰ পৰাও অন্য এজনক CIDএ আটক কৰিছে। গোগামুখৰ পৰা আটক ধৃত লোকজনক শুকুৰবাৰে CIDৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হয়। ধৃত লোকজনৰ নাম জান শইকীয়া। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এজন কৰ্মচাৰী।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 17, 2023, 12:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।