মুখ্যপৃষ্ঠা »খবৰ »অসম »Student Missing at Raha: ৰহাৰ পহুপুৰিত চাঞ্চল্যকৰ ঘটনা, শুবলৈ গৈ নিৰুদ্দেশ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ

Student Missing at Raha: ৰহাৰ পহুপুৰিত চাঞ্চল্যকৰ ঘটনা, শুবলৈ গৈ নিৰুদ্দেশ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ

ঘটনা সন্দৰ্ভত ছাত্রজনৰ পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত ছাত্রজনৰ পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত ছাত্রজনৰ পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে বুলি জানিব পৰা গৈছে।

  • Share this:
ৰহাৰ পহুপুৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিজ বাসগৃহৰ শোৱাপাটীৰ পৰা নিৰুদ্দেশ হৈছে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী ছাত্ৰ ৷ নিৰুদ্দেশ হোৱা ছাত্রগৰাকী হৈছে ৰহাৰ দীঘলদৰি পহুপুৰিৰ গুণমণি নাথৰ পুত্ৰ ৰিমন নাথ (Student Missing at Raha)।

ৰিমন নাথ ৰহাৰ দীঘলদৰি কাকতিগাঁও হাইস্কুলৰ পৰা এইবাৰ তৃতীয় বিভাগত  হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ  হৈছে । ছাত্ৰজন আনদিনাৰ দৰে বুধবাৰে নিশাও ৰাতিৰ আহাৰ খাই নিজ শোৱানি কোঠাত শুইছিল ৷ কিন্তু প্ৰায় ১১ বজাত এটা  শব্দ হোৱাত আত্মীয় এগৰাকী উঠি আহি ৰুমৰ বাহিৰৰ পৰা চোৱাত ছাত্ৰজনক ৰুমত দেখা নাপায় ৷

গ্ৰীল বন্ধ আৰু ৰুমৰ দৰ্জা বন্ধ হৈ থকা অৱস্থাত ছাত্ৰজন নিৰুদ্দেশ হোৱাত এতিয়া অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্রজনৰ পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছে বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি