তিনি বছৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব ৩৬ গৰাকী পৰীক্ষাৰ্থী!

News18 Assam | News18-Assam
Updated:February 10, 2020, 7:58 PM IST
তিনি বছৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব ৩৬ গৰাকী পৰীক্ষাৰ্থী!
FILE PHOTO

আজিৰে পৰা আৰম্ভ হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা।

  • Share this:
আজিৰে পৰা আৰম্ভ হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিছে ছেবাই। ৰাজ্যৰ ৮৬০টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা। এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ ৩ লাখ ৫৮ হাজাৰ ৪৫৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,৬৭,৮৫০ গৰাকী ছাত্ৰ আৰু ১,৯০,৬০৩ গৰাকী ছাত্ৰী। ২৯ ফেব্ৰুৱাৰীত শেষ হ’ব পৰীক্ষা।

এইবাৰ পৰীক্ষাত  নকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ছেবাই। পৰীক্ষাত নকল কৰিলে তিনি বছৰলৈ পৰীক্ষাৰ্থীজনক বাহিষ্কাৰ কৰা হ’ব বুলি জনাইছে ছেবাই। কিন্তু পৰীক্ষাৰ প্ৰথম দিনাই নকল কৰি বহিষ্কাৰ হৈছে ৩৬ গৰাকী পৰীক্ষাৰ্থী। জিলা সমূহৰ ভিতৰত ধুবুৰীত সৰ্বাধিক ২১ গৰাকী,হাইলাকান্দিত ৫ গৰাকী, নগাঁৱত ৪ গৰাকী, লখিমপুৰত তিনি গৰাকী আৰু দৰঙত ২ গৰাকী পৰীক্ষাৰ্থী নকল কৰাৰ বাবে বহিষ্কাৰ হ’বলগীয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি