প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীয়ে লামডিং মহাবিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰি সদ্যঘোষিত ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীয়ে লামডিং মহাবিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰি সদ্যঘোষিত ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰে’ল নগৰী লামডিঙৰ ৰাজপথত আজিও অব্যাহত আছে শিক্ষাৰ্থীৰ প্ৰতিবাদ। লামডিঙত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত মূল্যায়ন অনুযায়ী অনুত্তীৰ্ণ হোৱা ছাত্ৰী–ছাত্ৰীয়ে তেওঁলোকক উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীয়ে লামডিং মহাবিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কৰি সদ্যঘোষিত ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীয়ে শিক্ষামন্ত্ৰীৰ পুতলিকা দাহ কৰি ‘শিক্ষা বিভাগ হায় হায়’, ‘শিক্ষা মন্ত্ৰী হায় হায়’ আদি শ্লোগান দি উত্তাল কৰি তোলে লামডিঙৰ ৰাজপথ। অৱশ্যে পৰৱৰ্তী সময়ত ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদ নিয়ন্ত্ৰণৰ মোতায়েন কৰা হয় আৰক্ষী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|