আজিৰে পৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা, পৰীক্ষাৰ্থী–পৰীক্ষা নিৰীক্ষকে জানি লওক এইসমূহ নতুন নিয়ম

Sanjay Kumar Das | News18-Assam
Updated:February 10, 2020, 7:54 AM IST
আজিৰে পৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা, পৰীক্ষাৰ্থী–পৰীক্ষা নিৰীক্ষকে জানি লওক এইসমূহ নতুন নিয়ম
Photo : Telegraph India

পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ হৈছে ছেবা কৰ্তৃপক্ষ। তাৰ বাবে ছেবাই নিৰ্ধাৰণ কৰিছে কেতবোৰ নতুন নিয়ম।

  • Share this:
আজিৰে পৰা আৰম্ভ হ’ব জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা। সাজু কৰি তোলা হৈছে ৰাজ্যৰ সকলো পৰীক্ষা কেন্দ্ৰ। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিছে ছেবাই। ৰাজ্যৰ ৮৬০টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব ৰাজ্যৰ ৩ লাখ ৫৮ হাজাৰ ৪৫৩ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,৬৭,৮৫০ গৰাকী ছাত্ৰ আৰু ১,৯০,৬০৩ গৰাকী ছাত্ৰী। ২৯ ফেব্ৰুৱাৰীত শেষ হ’ব পৰীক্ষা।

পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা শিক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ হৈছে ছেবা কৰ্তৃপক্ষ। তাৰ বাবে ছেবাই নিৰ্ধাৰণ কৰিছে কেতবোৰ নতুন নিয়ম।

>> পৰীক্ষা কেন্দ্ৰত নকল কৰি ধৰা পৰিলে কেৱল বাহিষ্কাৰেই নহয়, তিনি বছৰৰ বাবে হ’ব নিলম্বন।

>> পৰীক্ষা কেন্দ্ৰসমূহত ম’বাইল ব্যৱহাৰ কৰিলে লোৱা হ’ব কঠোৰ ব্যৱস্থা।
>> নকল কৰা পৰীক্ষাৰ্থীৰ লগতে পৰীক্ষা কেন্দ্ৰই হেমাহি কৰিলে চিৰদিনৰ বাবে বাতিল হ’ব পৰীক্ষা কেন্দ্ৰ।
>> প্ৰথমবাৰৰ বাবে পৰীক্ষা কেন্দ্ৰত এইবাৰ পৰীক্ষাৰ্থীৰ সন্মুখত নিৰীক্ষকে খুলিব লাগিব প্ৰশ্নকাকত।
>> দুজন পৰীক্ষাৰ্থীক সাক্ষী কৰিব খুলিব প্ৰশ্নকাকতৰ টোপোলা।

>> ছটাকৈ বিষয়ত হ’ব বেলেগ বেলেগ ৰঙৰ প্ৰশ্নকাকত।
>> পৰীক্ষাৰ্থীৰ লগতে পৰীক্ষা নিৰীক্ষকে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত নিব নোৱাৰিব মোবাইল, ঘড়ী, বেগ আৰু কেলকুলেটৰ।
>> পৰীক্ষাৰ্থীয়ে বহীত লিখিব লাগিব ক’লা চিঞাহীৰে।
>> পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰৰ ভিতৰত থাকিব নোৱাৰিব কোনো ব্যক্তি।
>> প্ৰতিটো পৰীক্ষা কেন্দ্ৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
>> প্ৰতিটো স্পৰ্শকাতৰ কেন্দ্ৰত নিয়োগ কৰা হৈছে ফ্লায়িং স্কোৱাড।
>> ২৫টা কেন্দ্ৰত জামাৰ সংস্থাপন কৰা হৈছে।
>> পূৰ্বৰ দৰে এইবাৰো সকলো পৰীক্ষা কেন্দ্ৰত লগোৱা হৈছে চিচিটিভি কেমেৰা।
>> দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে প্ৰদান কৰা হ’ব এঘণ্টা অধিক সময়।

এইবাৰ ৰাজ্যৰ ভিতৰত নগাঁও জিলাত সৰ্বাধিক ২৬,১৩৯ গৰাকী পৰীক্ষাৰ্থী। ডিমা হাছাও নিৰ্বনিম্ন পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ২,৭৬৪ গৰাকী। বিগত বৰ্ষতকৈ এইবাৰ ছেবাৰ পাঠ্যক্ৰমত ছয় হাজাৰৰো অধিক পৰীক্ষাৰ্থী বৃদ্ধি হৈছে। বিগত বৰ্ষত পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৩,৫২,১৪৩ গৰাকী। News18 অসমৰ ফালৰ পৰা সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা।
আৰু চাওক
পৰৱৰ্তী বাতৰি