ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।উচ্চ প্ৰাথমিক, নিম্ন প্ৰাথমিক আৰু হাইস্কুল টেটৰ পিছত এইবাৰ ৰাজ্যত উচ্চতৰ মাধ্যমিক টেট অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাইছে শিক্ষা বিভাগে। চলিত বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হ’ব এই টেট পৰীক্ষা। জানিব পৰা অনুসৰি, দুর্গা পূজাৰ আগত বিষয় শিক্ষকৰ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হয়তো ১১ অক্টোবৰত এই টেট অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে শিক্ষা বিভাগে।
দুটা দিন পূৰ্বে দিছপুৰত অনুষ্ঠিত উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ অধ্যক্ষতাত তেওঁৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই সম্পৰ্কত বৈঠকত শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁইকে ধৰি কেইবাজনো শিক্ষাবিদ উপস্থিত আছিল।
এই বৈঠকতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা বিষয় শিক্ষকৰ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগৰ বিষয়সমূহক লৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা। পৰীক্ষাত এখন সকলোৰে বাবে একে প্ৰশ্নকাকত থকাৰ বিপৰীতে এখন থাকিব আবেদন কৰা প্ৰাৰ্থীৰ পছন্দৰ বিষয়।
এই টেট পৰীক্ষাৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ যোগ্যতা স্নাতকোত্তৰ হোৱাৰ লগতে থাকিব লাগিব বি এড। ৯ বছৰৰ পিছত ৰাজ্যত হ’বলগীয়া টেটৰ জৰিয়তে বিষয় শিক্ষকৰ চাকৰি লাভ কৰিব ১৮০০ যুৱক-যুৱতীয়ে। অৰ্থাৎ ১৮০০ পদৰ বাবে অক্টোবৰত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিৰ টেট পৰীক্ষা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 07, 2020, 16:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।