• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Results 2022 : ৰাজ্যৰ ভিতৰতে খুচুৰা বিক্ৰী বিষয়ত ১০০% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ চাৰি ছাত্ৰীয়ে

Assam HS Results 2022 : ৰাজ্যৰ ভিতৰতে খুচুৰা বিক্ৰী বিষয়ত ১০০% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ চাৰি ছাত্ৰীয়ে

কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ে সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে

কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ে সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে

কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ে সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে

  • Share this:
উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। শীৰ্ষ দহটা স্থানত উজলিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকল। তাৰ মাজতে ৰাজ্যৰ ভিতৰতে খুচুৰা বিক্ৰী (Retail Trade) বিষয়ত ১০০% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ চাৰি ছাত্ৰীয়ে (Assam HS Results 2022 )।

কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ৰ চাৰি ছাত্ৰীয়ে খুচুৰা বিক্ৰী (Retail Trade) বিষয়ত লাভ কৰে ১০০% নম্বৰ।  বিদ্যালয়খনৰ চাৰি ছাত্ৰী ক্ৰমে পৰিস্মিতা বৰা, পৰিকংকনা বৰা, নিমিকংকনা মুক্তিয়াৰ আৰু পাৰমিতা বৰঠাকুৰ। ছাত্ৰীকেইগৰাকীৰ সফলতাত এতিয়া উৎফুল্লিত কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ৰ শিক্ষক সমাজ।



উল্লেখযোগ্য যে নিয়মীয়া শিক্ষক অবিহনে কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১২১গৰাকী ছাত্ৰীৰ ১২০ গৰাকী উত্তীৰ্ণ হয়। ৰাজ‍্যৰ চৰকাৰী বিদ‍্যালয়ৰ দুৰ্দিনৰ সময়তে পূৰ্বৰ দৰে এইবাৰো কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বালিকা বিদ‍্যালয়ে সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।

বিদ‍্যালয়খনৰ উচ্চতৰ মাধ‍্যমিক কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ ১২১ গৰাকী ছাত্ৰীৰ ১২০গৰাকী ছাত্ৰী উত্তীৰ্ণ হয়। ইয়াৰে ৫৫ গৰাকী ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।
Published by:Gautam Barman
First published: