মজ্জাত কৰ্কট ৰোগত আক্ৰান্ত হৈ GMCHৰ বিছনাত চিকিৎসাধীন হৈ থকা এই ছাত্ৰজন বৰপেটাৰ বিতোপন নাথ ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ছাত্ৰজনে প্ৰায় ৮৮.৯ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয়। ইংৰাজীত ৮৭, অসমীয়াত ৮৮, ৰসায়ন বিজ্ঞানত ৮৫, পদাৰ্থ বিজ্ঞানত ৯৪, জীৱ বিজ্ঞানত ৯১ নম্বৰ লাভ কৰি বৰপেটাৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা 'টপাৰ' হৈ পৰীক্ষাত উত্তীৰ্ণ হৈছে (Assam HS Results 2022) ৷
পিছে অতিকে দুখ আৰু বেদনাৰ কথা যে জীৱনৰ আনন্দপূৰ্ণ এই দিনটোত বিতোপন নাথ শুই আছে GMCHৰ বিছনাত ৷ চেন্নাইৰ পৰা অৰ্থৰ অভাৱত ঘূৰাই আনিব লগা হোৱা বিতোপনক এতিয়া GMCHতে কেম' প্ৰদান কৰি থকা হৈছে ৷
আজি যেতিয়া টেলিফোনত ছাত্ৰজনৰ সৈতে কথা পাতিছিল পিতৃয়ে তেতিয়াও নিজৰ সপোনৰ কথাই কৈছিল মেধাৱী ছাত্ৰজনে ৷ কৈছিল ভৱিষ্যতে চিকিৎসক হৈ মানুহক সেৱা কৰাৰ সপোনৰ কথা (Cancer patient student Bitopan Nath)।
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ লেব'ৰেটৰী টেকনিচিয়ান পিতৃ বিনয় কৃষ্ণ নাথো জটিল ৰোগত আক্ৰান্ত ৷ পিছে ছাত্ৰজনক চেন্নাইলৈ চিকিৎসাৰ বাবে নিয়াৰ বাবে পৰিয়ালটোক এতিয়া ৪০ লাখ টকাৰ প্ৰয়োজন ৷ অভাৱী পৰিয়ালটোৱে সেয়ে চৰকাৰ, ৰাইজ, দল সংগঠন, শুভাকাংক্ষী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে আৰ্থিক সহায়৷
এইক্ষেত্ৰত কোনো লোকে সহায় কৰিব বিচাৰিলে Biraja Nath (Mother of Sri Bitopan Nath) SBI Account No 39522695456 /IFSC- SBIN0000028 ত সহায় আগবঢ়াব পাৰিব ৷ আমাৰ এটাই আশা ৰাইজ আৰু চৰকাৰৰ সহযোগত বিতোপন নাথ সুস্থ হৈ উঠক আৰু মেধাৱী ছাত্ৰজনৰ সপোনটো দিঠকত পৰিণত হওক ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|