আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, পৰীক্ষাৰ্থী–পৰীক্ষা নিৰীক্ষকৰ ওপৰত চাইবাৰ চেলৰ চকু

News18 Assam | News18-Assam
Updated:February 12, 2020, 8:31 AM IST
আজিৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, পৰীক্ষাৰ্থী–পৰীক্ষা নিৰীক্ষকৰ ওপৰত চাইবাৰ চেলৰ চকু
Photo : careers360.com

দ্বিতীয়বাৰৰ বাবে চাইবাৰ চেলে শিক্ষা সংসদৰ কাৰ্যালয়ৰ পৰা তদাৰক কৰিব পৰীক্ষা। যাৰ বাবে শিক্ষা সংসদৰ কাৰ্যালয়ত স্থাপন কৰা হৈছে এটা চাইবাৰ চেল।

  • Share this:
আজিৰে পৰা ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষা। ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এইবাৰ তিনি তৰপীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ’ব পৰীক্ষা। ইতিমধ্যে কেন্দ্ৰ নিৰীক্ষক, ছুপাৰভাইজিং বিষয়া, সহকাৰী পৰীক্ষা নিৰীক্ষকক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিছে শিক্ষা সংসদে।

আনহাতে, দ্বিতীয়বাৰৰ বাবে চাইবাৰ চেলে শিক্ষা সংসদৰ কাৰ্যালয়ৰ পৰা তদাৰক কৰিব পৰীক্ষা। যাৰ বাবে শিক্ষা সংসদৰ কাৰ্যালয়ত স্থাপন কৰা হৈছে এটা চাইবাৰ চেল। যিটো চেল নিয়ন্ত্ৰণ কৰিব অৱসৰ প্ৰাপ্ত আই পি এছ বিষয়া আজিজ হাজৰিকাই। এই চাইবাৰ চেলৰ প্ৰধান কাম হ’ব, কোনোবাই যদি ম’বাইলত ফটো মাৰি প্ৰশ্নকাকত ফাদিল কৰে তেন্তে মুহূৰ্ততে ধৰা পেলোৱা।

কেৱল পৰীক্ষাৰ্থীয়ে নহয়, কেন্দ্ৰত নিৰীক্ষকেও ম’বাইল নিব নোৱাৰিব বুলি প্ৰকাশ কৰিছে শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে। অৰ্থাৎ কেন্দ্ৰত ম’বাইল নিলেই ধৰা পেলাব চাইবাৰ চেলে। শিক্ষাৰ্থীৰ লগতে নিৰীক্ষকে ম’বাইল ব্যৱহাৰ কৰিলে তেনে নিৰীক্ষককো নিলম্বন কৰিব বুলি সকীয়নি প্ৰদান কৰিছে শিক্ষা সংসদে।

ইফালে, পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে শিক্ষা সংসদে। উল্লেখযোগ্য যে, এইবাৰ সৰ্বমুঠ ২,৩৪,৮০৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব পৰীক্ষাত। ইয়াৰে কলা শাখাত ১,৭৫,১৭৫ গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী, বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমুখী শাখাত ৮৬৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। সৰ্বমুঠ ৭৭২টা কেন্দ্ৰত অনুস্থিত হ’ব পৰীক্ষা। সকলো পৰীক্ষা কেন্দ্ৰত সংস্থাপন কৰা হৈছে চি চি টিভি কেমেৰা। পৰীক্ষাৰ্থীয়ে সময় চাবৰ বাবে পৰীক্ষাকেন্দ্ৰৰ প্ৰত্যকটো ৰুমত লগোৱা হৈছে ৱাল ঘড়ী।
আৰু চাওক
পৰৱৰ্তী বাতৰি