• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Exam 2021 : যিকোনো পৰিস্থিতিত ৫ ছেপ্তেম্বৰৰ ভিতৰত HS চুড়ান্ত পৰীক্ষা শেষ কৰিবলৈ সাজু শিক্ষা সংসদ। জুলাই-আগষ্ট মাহৰ ভিতৰতে পৰীক্ষা হোৱাৰ সম্ভাৱনা।

Assam HS Exam 2021 : যিকোনো পৰিস্থিতিত ৫ ছেপ্তেম্বৰৰ ভিতৰত HS চুড়ান্ত পৰীক্ষা শেষ কৰিবলৈ সাজু শিক্ষা সংসদ। জুলাই-আগষ্ট মাহৰ ভিতৰতে পৰীক্ষা হোৱাৰ সম্ভাৱনা।

representative image/file image

representative image/file image

ছটা বিষয় অপচনেল হিচাপে দিয়া হ'ব আৰু ইয়াৰ পৰা তিনিটা বিষয় লৈ পৰীক্ষা আয়োজনৰ কথা বিবেচনা কৰা হৈছে : সচিব ৰমেশ চন্দ্ৰ চুতীয়া

  • Share this:
চৰকাৰৰ গাইডলাইন অনুসৰি ৫ ছেপ্তেম্বৰৰ ভিতৰত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা শেষ কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)। আজি শিক্ষা সংসদৰ নতুন অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি এই ঘোষণা কৰে ডঃ ৰুক্ম গোহাঁই বৰুৱাই। তেওঁ কয়, "মোৰ ডাঙৰ প্ৰত্যাহ্বান হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা।"

কোভিড নীতি-নিৰ্দেশনা মানি পৰীক্ষা সুচাৰুৰূপে আয়োজন কৰাটোৱেই মূল লক্ষ্য বুলি কয় নতুন অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই।

শিক্ষা সংসদৰ নতুন অধ্যক্ষৰূপে ডঃ ৰুক্ম গোহাঁই বৰুৱাই দায়িত্ব গ্ৰহণ কৰা উপলক্ষে আয়োজন কৰা সংবাদমেলত সংসদৰ সচিব ৰমেশ চন্দ্ৰ চুতীয়াই কয় যে জুলাই-আগষ্ট মাহৰ ভিতৰত অনুষ্ঠিত হ'ব পাৰে পৰীক্ষা। তেওঁ লগতে কয় যে ছটা বিষয় অপচনেল হিচাপে দিয়া হ'ব আৰু ইয়াৰ পৰা তিনিটা বিষয় লৈ পৰীক্ষা আয়োজনৰ কথা বিবেচনা কৰা হৈছে। ইতিমধ্যে চৰকাৰলৈ এই প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে যদিও এই মুহূৰ্তলৈকে চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জনায় সচিব চুতীয়াই। চৰকাৰে সিদ্ধান্ত ল'লে ১৫ দিনৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হ'ব।

আনহাতে যদি পৰীক্ষা বাতিল হয়, চিবিএছই(CBSE)ৰ নিচিনা মূল্যায়নৰ ব্যৱস্থা শিক্ষা সংসদৰ আছে বুলি সচিব চুতীয়াই জানিবলৈ দিয়ে।

উল্লেখ্য, ডঃ ৰুক্ম গোহাঁই বৰুৱা অসম সাহিত্য সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ নাতি। তিনি বছৰৰ বাবে অধ্যক্ষৰ দায়িত্বত থাকিব তেওঁ। ইয়াৰ পূৰ্বে লখিমপুৰ পি জি কলেজৰ অধ্যক্ষ আছিল ৰুক্ম গোহাঁই বৰুৱা।

আনহাতে বিদায়ী অধ্যক্ষ দয়ানন্দ বৰগোহাঁইয়ে কয় যে অহা বছৰৰ পৰা নাথাকিব ঐচ্ছিক ইংৰাজী (alternative English) বিষয়, MIL হিচাপে ল'ব লাগিব যিকোনো ভাষা। তেওঁ লগতে কয়, অসমীয়া ভাষা ৰক্ষা কৰিবলৈ হ'লে পলিটিক্স কৰিলে নহ'ব। জাতি ৰক্ষা কৰিবলৈ হ'লে ভাষা প্ৰেম লাগিব। "কা"ত লাগি থাকিলে নহ'ব, অসমীয়া ভাষা ৰক্ষা কৰিবলৈ হ'লে মানুহক অসমীয়া পঢ়িবলৈ বাধ্য কৰাব লাগিব; নহ'লে অসমীয়া ভাষাৰ মৃত্যু হ'ব।
Published by:Manjumoni Borah
First published: