বৰপেটাৰ হাউলী থানৰ আৰক্ষীৰ সফলতা ৷ ২৪ ঘন্টাৰ ভিতৰত চুৰি হোৱা ২৬ লাখ টকা উদ্ধাৰ কৰে হাউলী আৰক্ষীয়ে। হাউলীৰ মধু বৈশ্য পথৰ নৱৰতন নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰৰ পৰা কালি সন্ধিয়া চুৰি হৈছিল ২৬ লাখ টকা।
তিনি ব্যৱসায়ীৰ জমা ধন ২৬ টকা চুৰি কৰিছিল ঘৰৰে কাম কৰা যুৱক ৰোহিত কুমাৰে। বিগত সাত বছৰে নৱৰতনৰ বাসগৃহত কাম কৰা লোক হিচাপে আছিল বিহাৰৰ ৰোহিত কুমাৰ। কিন্তু টকা দেখি বিচলিত হৈছিল ৰোহিত।
২৬ লাখ টকা চুৰি কৰি ঘৰৰ পিছপিনে জংঘলত লুকুৱাই ৰাখিছিল তেওঁ। তিনি ব্যৱসায়ী প্ৰমোদ , নৱৰতন আৰু দ্বীৰাজৰ আছিল এই টকাখিনি। ব্যৱসায়ীকেইগৰাকীয়ে ঘটনা সন্দৰ্ভত হাউলী আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা ২৬ লাখ টকা উদ্ধাৰ কৰাৰ লগতে আটক কৰে ৰোহিত কুমাৰ নামৰ ঘৰুৱা কৰ্মচাৰীজনক।
উল্লেখ্য যে চুৰি হোৱাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই আৰক্ষীয়ে অতি তৎপৰতাত উদ্ধাৰ কৰে টকাখিনি।
Published by: Gautam Barman
FIRST PUBLISHED : March 17, 2023, 21:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।