সোমবাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হ'ল কোৰোণাৰ নতুন SOP। শেহতীয়া কোৰোণা পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেশৱ মহন্তই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এইবাৰ ৰাজহুৱা স্থানত পঢ়িব নোৱাৰিব ঈদৰ নামাজ। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলো ইছলামধৰ্মী লোকক এইবাৰ ঘৰতে ঈদ উদযাপন কৰিবলৈ আহ্বান জনায়।
সংবাদমেল যোগে ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হাতজোৰ কৰি কয় যে, 'শেহতীয়া কোৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে এইবাৰ ঘৰতে উদযাপন কৰক ঈদ। ঘৰতে পঢ়ক ঈদৰ নামাজ। ইয়াৰ পূৰ্বে অম্বুবাচী মেলা, বোলবোমো বাতিল কৰা হ'ল।'
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 19, 2021, 12:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|