ভোট কেনেকৈ দিয়ে? শিকালে গুগল ডুডলে

তৃতীয় পৰ্যায়ত দেশৰ সৰ্বাধিক সংখ্যক ১১৭খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ভোটাৰৰ সুবিধাৰ বাবে গুগলে অন্তৰ্ভুক্ত কৰে পইণ্ট অনুযায়ী বিশেষ নিৰ্দেশনা।

news18
Updated:April 23, 2019, 4:18 PM IST
ভোট কেনেকৈ দিয়ে? শিকালে গুগল ডুডলে
তৃতীয় পৰ্যায়ত দেশৰ সৰ্বাধিক সংখ্যক ১১৭খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ভোটাৰৰ সুবিধাৰ বাবে গুগলে অন্তৰ্ভুক্ত কৰে পইণ্ট অনুযায়ী বিশেষ নিৰ্দেশনা।
news18
Updated: April 23, 2019, 4:18 PM IST
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিশেষ গুগল ডুডল। ভোটাৰৰ সুবিধাৰ বাবে গুগলে অন্তৰ্ভুক্ত কৰিছে পইণ্ট অনুযায়ী বিশেষ নিৰ্দেশনা। দেশৰ বৃহৎ সাধাৰণ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ সৰ্বাধিক সংখ্যক ১১৭খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ১৩খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত ৰাজ্যত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

যোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনৰ দৰেই এইবাৰো গুগল ডুডল হৈছে ভোট দিয়াৰ পিছৰ চিয়াঁহী সনা এটা তৰ্জনী আঙুলী। এই ডুডলেৰে নিৰ্দেশনা দিয়া হৈছে ভোট কেনেকৈ দিব লাগে।

 

আজিৰ হাইপ্ৰফাইল প্ৰাৰ্থীৰ ভিতৰত আছে গুজৰাটৰ গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰা বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ, কেৰালাৰ ৱায়ানাডৰ পৰা উঠা কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে আমেঠিৰ বাহিৰে দ্বিতীয় আসন হিচাপে ৱায়ানাডৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।

প'লিং বুথত ভোট কেনেকৈ দিবঃ

  • প্ৰথম প'লিং বিষয়াই ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষা কৰি আপোনাৰ পৰিচয় পত্ৰ বিচাৰিব।


  • ইয়াৰ পিছতে প'লিং বিষয়াই আপোনাৰ আঙুলীত চিয়াঁহী সানি পঞ্জীয়ন বহী(ফৰ্ম ১৭এ)ত আপোনাৰ হস্তাক্ষৰ লৈ আপোনাক এখন শ্লিপ দিব।

  • এই শ্লিপখন তৃতীয়জন প'লিং বিষয়াক প্ৰদান কৰি আপুনি চিয়াঁহী সনা আঙুলীটো দেখুৱাই ভোট দিবলৈ বুথলৈ যাব লাগিব।

  • নিজৰ পচন্দৰ প্ৰাৰ্থীৰ প্ৰতীকৰ বিপৰীতে ইভিএমৰ বুটাম টিপি ভোট দিয়ক, আপুনি এটা বীপ শুনিবলৈ পাব।

  • ছীলবন্ধ VVPAT বাকচত ভোটৰ শ্লিপ সোমোৱাৰ পূৰ্বে VVPAT মেচিনৰ স্বচ্ছ স্ক্ৰীণত আপুনি ভোট দিয়া প্ৰাৰ্থীৰ ক্ৰমিক নম্বৰ, নাম আৰু প্ৰতীক চিহ্ন সাতছেকেণ্ডলৈ আপুনি দেখা পাব।

  • আপোনাৰ যদি এজনো প্ৰাৰ্থী পচন্দৰ নহয় তেনেহ’লে আপুনি NOTA (ওপৰৰ এজনো নহয়) টিপিব পাৰে। ইভিএমৰ একেবাৰে শেষৰ বুটাম NOTA।

  • অধিক জানিবলৈ চাওক http://ecisveep.nic.in/



 
আৰু চাওক পৰৱৰ্তী বাতৰি