৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত NRC, কেনেকৈ চাব আপোনাৰ নাম?

News18-Assam
Updated:August 28, 2019, 10:27 AM IST
৩১ আগষ্টত প্ৰকাশ পাব চূড়ান্ত NRC, কেনেকৈ চাব আপোনাৰ নাম?
Source-Google

চূড়ান্ত NRCত আপোনাৰ নাম আহিছেনে নাই সেয়া চাবলৈ কি কৰিব লাগিব তাক লৈ এন আৰ চি কৰ্তৃপক্ষই জাৰি কৰিছে জাননী।

  • Share this:
চূড়ান্ত NRC প্ৰকাশৰ বাবে মাজত মাথোঁ দুটা দিন। ৩১ আগষ্টত প্ৰকাশ পাব জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। চূড়ান্ত NRCত আপোনাৰ নাম আহিছেনে নাই সেয়া চাবলৈ কি কৰিব লাগিব তাক লৈ এন আৰ চি কৰ্তৃপক্ষই জাৰি কৰিছে জাননী।

কেনেকৈ চাব আপোনাৰ নাম
২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত সম্পূৰ্ণ খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে দাবী প্ৰ–পত্ৰ দাখিল কৰা লোকসকলে, ২০১৯ চনৰ ২৬ জুনত প্ৰকাশিত অতিৰিক্ত বাদ দিয়া তালিকামৰ্মে সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা লোকসকলে নাইবা সম্পূৰ্ণ খচৰা NRCত অন্তৰ্ভুক্ত হোৱা যিসকল লোকৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছিল, সেই লোকসকলে তেওঁলোকৰ নিৰ্ধাৰিত NSK, চক্ৰ বিষয়াৰ কাৰ্যালয় বা জিলা উপায়ুক্তৰ কাৰ্যালয়ত চাব পাৰিব তেওঁলোকৰ নাম। জনসাধাৰণে তেওঁলোকৰ ARN টাইপ কৰিও নিজৰ নাম অন্তৰ্ভুক্তিৰ স্থিতি সম্পৰ্কে অনলাইনযোগে জানিব পাৰিব।

২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত খচৰা NRCত নাম অন্তৰ্ভুক্ত হোৱাসকলে, ২০১৯ৰ ২৬ জুনত প্ৰকাশিত অতিৰিক্ত তালিকামৰ্মে সম্পূৰ্ণ NRCৰ পৰা বাদ পৰা যিসকল লোকক ২০১৯ চনৰ ৫ জুলাইৰ পৰা আৰম্ভ হোৱা শুনানিলৈ মতা হৈছিল, সেইসকল লোকেও ওপৰত উল্লেখ কৰা ধৰণে চাব পাৰিব নিজৰ নাম।



খচৰা NRCত নাম অন্তৰ্ভুক্ত হোৱা আৰু অতিৰিক্ত তালিকাদ বাদ পৰা যিসকল লোকক ২০১৯ চনৰ ৫ জুলাইৰ পৰা আৰম্ভ হোৱা শুনানিত উপস্থিত থাকিবলৈ মতা হোৱা নাছিল, সেইসকল লোকৰ চিন্তাৰ কোনো কাৰণ নাই। তেওঁলোকৰ নাম চূড়ান্ত NRCত অন্তৰ্ভুক্ত হ’ব।

www.nrcassam.nic.in ৱেবছাইটত উপলব্ধ হ’ব চূড়ান্ত NRC। জনসাধাৰণৰ যিকোনো সমস্যাৰ বাবে NRC কৰ্তৃপক্ষই মুকলি কৰিছে হেল্পলাইন নম্বৰ। অসমৰ বাবে ১৫১০৭ আৰু বহিঃৰাজ্যৰ বাবে হেল্পলাইন নম্বৰ হৈছে ১৮০০৩৪৫৩৭৬২।
First published: August 28, 2019, 10:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading