• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet Minister: সৰ্বানন্দ সোণোৱালে লাভ কৰা দপ্তৰসমূহেৰে কোন কিদৰে হ'ব উপকৃত? 

Cabinet Minister: সৰ্বানন্দ সোণোৱালে লাভ কৰা দপ্তৰসমূহেৰে কোন কিদৰে হ'ব উপকৃত? 

শক্তিশালী আত্মপ্ৰকাশে আনিব পাৰে বহু ইতিবাচক খবৰ

শক্তিশালী আত্মপ্ৰকাশে আনিব পাৰে বহু ইতিবাচক খবৰ

শক্তিশালী আত্মপ্ৰকাশে আনিব পাৰে বহু ইতিবাচক খবৰ

  • Share this:

সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী হিচাপে গ্ৰহণ কৰিলে শপত ৷ পিছে সোণোৱালে লাভ কৰা দপ্তৰসমূহেৰে কোন কিদৰে হ'ব উপকৃত? হয়তো এই প্ৰশ্ন আপোনাৰ মনলৈও আহিছে৷ এয়া স্বাভাৱিক৷  সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুষ মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিলে কেন্দ্ৰীয় নেতৃত্বই ৷ লগে লগে বহুতৰ মনত উদয় হ'ল এই প্ৰশ্নটো ৷ কি হ'ব, কি লাভ হ'ব অসমৰ?


ইয়াৰ বাবে আমি চাব লাগিব বিভাগকেইটাৰ সম্ভাৱনীয়তা ৷ নাৰায়ণ ৰাণেৰ পিছতে কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হয়তো কেন্দ্ৰই চাই বুজি দিছে বিভাগসমূহ৷  দেশৰ বেছিভাগ ৰপ্তানি–আমদানিৰ পৰিবহণ জাহজেদি, জলপথেদি হয়। এই কথা অধিকাংশ লোকেই অৱগত৷ দেশৰ বন্দৰসমূহকো আপুনি উলাই কৰিব নোৱাৰে৷ বন্দৰকেইটা অতি দৰকাৰী অৰ্থনৈতিক সম্পদ হিচাপে বিবেচিত হৈ আহিছে৷  দেশৰ বাহিৰতো ইৰাণ, শ্ৰীলংকা ইত্যাদিৰ বন্দৰত ভাৰতৰ বিনিয়োগ চলি আহিছে আৰু সম্ভাৱনাও আগলৈ বহু আছে ৷


বাংলাদেশৰ চিটাগং নাইবা ম্যানমাৰৰ চিটৱে বন্দৰ অসম তথা উত্তৰ–পূবৰ ভৱিষ্যতৰ বাবে অতি দৰকাৰী, য'ত ভাৰত চৰকাৰৰো বিনিয়োগ আছে। এই বিষয়টো নিশ্চয়কৈ কেবিনেট মন্ত্ৰী হিচাপে যথেষ্ট গুৰুত্ব দিব সৰ্বানন্দ সোণোৱালে৷ বিশেষকৈ জল পৰিবহণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ নৈপথৰ বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ বহু কৰণীয়  আছে ৷ যি কাম কৰিবলৈ  সুবিধা পাব এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উল্লেখ্য যে ব্ৰিটিছৰ শাসনকালত ডিব্ৰুগড়ৰ পৰা কলিকতালৈ ৮ দিনত ব্ৰহ্মপুত্ৰৰে যাবলৈ সুবিধা আছিল যদিও আজিকালি নদী বাম হোৱা, বাংলাদেশৰ প্ৰটকল আদি সমস্যাৰ বাবে প্ৰায় এমাহমান লগা হৈছে ৷


সম্প্ৰতি জলপথ উন্নয়ন অসম তথা উত্তৰ–পূবৰ বাবে অতি দৰকাৰী হিচাপে পৰিগণিত হৈছে৷ এই সময়ছোৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অসমত আৰু সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগত, শক্তিশালী আত্মপ্ৰকাশে আনিব পাৰে বহু ইতিবাচক খবৰ ৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি