உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'অসমীয়া চিনেমা নোচোৱা সীমান্ত শেখৰ কিদৰে অসমীয়া হ'ল'- লগতে আৰু কি ক'লে জুবিন গাৰ্গে

    'অসমীয়া চিনেমা নোচোৱা সীমান্ত শেখৰ কিদৰে অসমীয়া হ'ল'- লগতে আৰু কি ক'লে জুবিন গাৰ্গে

    সীমান্ত শেখৰক অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াকলৈ অসন্তুষ্ট ফিল্ম ফেটাৰনিটী।

    সীমান্ত শেখৰক অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াকলৈ অসন্তুষ্ট ফিল্ম ফেটাৰনিটী।

    সীমান্ত শেখৰক অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াকলৈ অসন্তুষ্ট ফিল্ম ফেটাৰনিটী।

    • Share this:
    'অসমীয়া চিনেমা নোচোৱাকৈ কেনেকৈ অসমীয়া হ'ব সীমান্ত শেখৰ। দায়িত্ব লাভ কৰিলেই যেতিয়া ক'বলগীয়া একো নাই। উদ্যোগটোৰ বাবে কাম কৰক। ফিল্ম ফেটাৰনিটী অসন্তুষ্ট। এতিয়া অসন্তুষ্টি খিনি নাইকীয়া কৰিবলৈ বা ছবি উদ্যোগটোৰ বিকাশৰ বাবে কাম কৰক সীমান্ত শেখৰে।'- এই মন্তব্য জুবিন গাৰ্গৰ।

    আকৌ সীমান্ত শেখৰকলৈ চৰ্চা চলিছে ছচিয়েল মিডিয়াত। বুধবাৰে ৰাজ্য চৰকাৰে নিগম নিকায়ৰ অধ্যক্ষৰ তালিকা প্ৰকাশ কৰাৰ পিছতে ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী তথা বিজেপি নেতাগৰাকী। প্ৰকাশ পোৱা তালিকা অনুসৰি, সীমান্ত শেখৰে লাভ কৰিছে অসম চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব। এতিয়া এই সন্দৰ্ভত জুবিন গাৰ্গে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

    জুবিন গাৰ্গে লগতে কয় যে, 'সীমান্ত মোৰ  ভাইতিৰ নিচিনা। তেওঁ যদি দায়িত্ব ভালদৰে পালন কৰিব পাৰে, চলাই নিব পাৰে মানুহে ভাল পাব। কিন্তু ফিল্ম ফেটাৰ্নিটীৰ বহুলোক অসন্তুষ্ট হৈছে। কাৰণ সীমান্ত চিনেমাৰ লগত নহয়, গীতৰ লগতহে জড়িত। সকলোৱে বিচাৰিছিল এজন অভিজ্ঞ আৰু ছবিৰ লগত জড়িত লোকক এই পদবী দিয়া হওক। কিন্তু দিলেই যেতিয়া এতিয়া আৰু কবলগীয়া নাই। ভালকৈ কাম কৰক। আমাৰ ছবি উদ্যোগটোক সাংস্কৃতিক মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়েই হওক, সকলোৱে ডাঙৰ কৈ চাব লাগে। আমাৰ সকলোৰে গুৰু দায়িত্ব আছে।'
    Published by:Himangshu Bhuyan
    First published: