বৰ্তমান সময়ত সংবাদ মাধ্যমৰ চৰ্চিত নাম হৈ পৰিছে পি কে দত্ত। পি কে দত্ত অৰ্থাৎ প্ৰশান্ত কুমাৰ দত্তৰ নেতৃত্বতে অসমত সংঘটিত হ'ল SI কেলেংকাৰী। কিন্তু শেহতীয়াকৈ এইগৰাকী পি কেৰ সৈতে আন এজন পি কেৰ সম্পৰ্কৰ কথা পোহৰলৈ আহিছে।
কোন এই পি কে?পি কে অৰ্থাৎ কুখ্যাত আৰক্ষী বিষয়া প্ৰশান্ত কুমাৰ দত্তৰ কথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে। অসম আৰক্ষীক কলংকিত কৰা প্ৰশান্ত কুমাৰ দত্তৰ কুকীৰ্তিৰ কথা এটা এটাকৈ পোহৰলৈ আহিছে। আৰক্ষীৰ চাকৰিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি পি কে দত্তই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গঢ়িছিল সম্পত্তিৰ পাহাৰ।
কেৱল অসমতে নহয়, বহিঃৰাজ্যটো পি কে দত্তই গঢ়িছে অবাধ সম্পত্তি। কিন্তু কেনেকৈ ইমান প্ৰভাৱশালী হৈ পৰিল পি কে? আপুনি জানি আচৰিত হ'ব যে নিজ পিতৃৰ সামাজিক মৰ্যাদাকো অপব্যৱহাৰ কৰিছিল এইজন কুখ্যাত আৰক্ষী বিষয়াই।
পি কে দত্তৰ পিতৃ শশীধৰ দত্ত কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। সেয়ে তেওঁক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু কলিয়াবৰৰ বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধা কৰিছিল। আনকি বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তয়ো শশীধৰ দত্তৰ ছাত্ৰ আছিল। পিতৃৰ এই সামাজিক মৰ্যাদাক নিজৰ ক্ষমতা প্ৰয়োগৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল পি কে দত্তই।
সেয়ে ১৯৯৬ চনত প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত প্ৰশান্ত কুমাৰ দত্ত উঠিৰজা-বহিৰজা হৈ পৰিছিল বুলি অভিযোগ উঠিছে। সেই সময়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গঢ়িছিল সম্পত্তিৰ পাহাৰ। গুৱাহাটীৰ বহু মাটি দখলতো জড়িত হৈ পৰিছিল এই পি কে দত্ত। গুৱাহাটী মহানগৰীত আৰক্ষী বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে পি কে দত্তই বহু অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ। আনকি নলবাৰী আৰু উজনি অসমত সংঘটিত বহু গুপ্তহত্যাত জড়িতৰ অভিযোগো আছিল এই পি কেৰ বিৰুদ্ধে।
পিছে দীৰ্ঘদিন ধৰি ক্ষমতাৰ অপব্যৱহাৰৰে অসমত ক'লা সাম্ৰাজ্যৰ অধিপতি হোৱা এই পি কেৰ বিৰুদ্ধে আৰক্ষীয়ে পূৰ্বতে কিয় কোনোধৰণৰ তদন্ত কৰাৰ প্ৰয়োজন অনুভৱ নকৰিলে সেয়াও ৰহস্যজনক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 28, 2020, 14:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।