কাশ্মীৰত সোমবাৰে কংগ্ৰেছৰ পাঁচমহীয়া ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি কৰাৰ পিছতে পুনৰ সৰৱ হৈ উঠিল বদৰুদ্দিন আজমলৰ AIUDF ৷ BJPয়ে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনত ১৪ৰ ভিতৰত ১২খন আসনত জয়ী হ'ব বুলি কৰা দাবীকো উভটি ধৰিছে AIUDFয়ে ৷
কাশ্মীৰৰ শ্ৰীনগৰত সোমবাৰে কংগ্ৰেছে সমাপ্তি ঘটালে পাঁচমাহ ধৰি চলোৱা ভাৰত জোড়ো যাত্ৰাৰ । ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে প্ৰমুখ্য কৰি অসমৰ পৰা যোৱা বহু নেতাই অংশগ্ৰহণ কৰে ৷ ভাৰত জোড়োৰ সমাপ্তিৰ এদিন পিছতে মংগলবাৰে কংগ্ৰেছক পুনৰ টাৰ্গেট কৰি ল'লে বদৰুদ্দিন আজমলৰ AIUDFয়ে ৷
কংগ্ৰেছক আক্ৰমণ কৰি AIUDFৰ বিধায়ক তথা দলটোৰ সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞাই ক'লে- “কংগ্ৰেছে ভাৰত জোড়োৰ বাবে বহু বিৰোধী দলক মাতিছিল যদিও দুই-একৰ বাহিৰে কোনো নগ'ল ৷”
AIUDFৰ জেষ্ঠ বিধায়ক ড° ৰফিকুল ইছলামেও কংগ্ৰেছক এৰি নিদিলে ৷ ৰফিকুল ইছলামে ক'লে- “কংগ্ৰেছৰ ভাৰত জোড়োত কিমান বিৰোধীয়ে অংশ ল'লে? সকলোৱে দেখিলে ৷”
কংগ্ৰেছৰ বিৰুদ্ধে এইদৰে AIUDF সৰৱ হৈ উঠাৰ সময়ত কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে উভটি ধৰিলে আজমল আৰু AIUDFক ৷ ৰছিদ মণ্ডলে ক'লে- “কংগ্ৰেছৰ কথা ক'বলৈ Who is Ajmal? আজমলৰ কথা কোনে শুনে ?”
এইবাৰ BJP নেতৃত্বাধীন মিত্ৰতজোঁটক টাৰ্গেট কৰিলে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে ৷ ক'লে— “BJPয়ে AGP, UPPLক ছীট এৰি দিব বা দিছিল ৷ কিন্তু কংগ্ৰেছে AIUDFৰ বিৰুদ্ধেহে লাগি থাকে ৷”
কৰিমউদ্দিন বৰভূঞায়ে ক'লে- “BJPয়ে দাবী কৰিলেই নহয়; লোকসভাৰ নিৰ্বাচনত ১৪ৰ ভিতৰত AIUDFয়ে মিনিমাম চাৰিখন ৷ BJPয়ে ক'ত পাব ১২খন?”
Published by: Kokil Sarma
FIRST PUBLISHED : January 31, 2023, 19:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|