কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে কোৰোণা ভেকচিনৰ সৰ্বাধিক মূল্য নিৰ্ধাৰণ কৰি দিলে। আজি দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নিৰ্ধাৰিত কৰি দিয়া নতুন মূল্য অনুসৰি কোভিশ্বিল্ড ভেকচিনৰ মূল্য হ'ব প্ৰতিটো পালিত ৭৮০ টকা (৬০০ টকা ভেকচিন মূল্য+৫% জিএছটি+সেৱা মাচুল ১৫০ টকা)। আনহাতে কোভাক্সিনৰ প্ৰতিটো পালিৰ বাবে মূল্য হ'ব ১৪১০ টকা (১২০০ টকা ভেকচিন মূল্য+৬০ জিএছটি+১৫০ টকা সেৱা মাচুল)। ইয়াৰ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে ৰাছিয়াত নিৰ্মিত ভেকচিন স্পুটনিক-ভিৰো মূল্য নিৰ্ধাৰণ কৰি দিয়ে চৰকাৰে। সেই অনুযায়ী স্পুটনিক-ভিৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত প্ৰতিটো পালিত ১১৪৫ টকা (৯৪৮ টকা ভেকচিন মূল্য+৪৭ টকা জিএছটি+১৫০ টকা সেৱা মাচুল)।
চৰকাৰৰ নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত হাৰত ভেকচিন দিয়া হৈছে নে নাই প্ৰতিদিনে নিৰীক্ষণ কৰা হ'ব। যদি এই মূল্য অতিৰিক্ত হয়, তেন্তে ব্যক্তিগত কোভিড টিকাকৰণ কেন্দ্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেন্দ্ৰই ৰাজ্য চৰকাৰক ১৫০ টকাৰ অধিক সেৱা কৰ ব্যক্তিগত চিকিৎসালয়ে যাতে নলয় তাৰ প্ৰতি চকু ৰাখিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য, প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ঘোষণা কৰিছিল যে সমগ্ৰ দেশতে বিনামূলীয়া হ'ব কোৰোণাৰ ভেকচিন। ৰাজ্য চৰকাৰৰ হাতত থকা কোৰোণা ভেকচিনৰ ২৫ শতাংশ দায়িত্বও এতিয়াৰ পৰা ভাৰত চৰকাৰেই ল'ব। তেওঁ লগতে দেশত নিৰ্মাণ হোৱা ভেকচিনৰ পৰা ২৫ শতাংশ প্ৰাইভেট হাস্পতালে ল'ব পাৰিব বুলি উল্লেখ কৰিছিল। এই ঘোষণাক লৈ বাঁওপন্থী দলসমূহেও প্ৰধানমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁলোকৰ মতে ব্যক্তিগত চিকিৎসালয়ৰ বাবে ২৫ শতাংশ ভেকচিন আৱণ্টন কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা উচিত কিয়নো ই 'লুণ্ঠনৰ অনুজ্ঞাপত্ৰ'।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|