কেনেকৈ সংঘটিত হৈছিল গুৱাহাটীৰ জু–ৰোডৰ গ্ৰেণেড বিস্ফোৰণ?

মহানগৰীৰ তিনিখন হাস্পতালত চিকিৎসাধীন মুঠ ১১জন আহত।

news18assam
Updated:May 16, 2019, 10:57 AM IST
কেনেকৈ সংঘটিত হৈছিল গুৱাহাটীৰ জু–ৰোডৰ গ্ৰেণেড বিস্ফোৰণ?
মহানগৰীৰ তিনিখন হাস্পতালত চিকিৎসাধীন মুঠ ১১জন আহত।
news18assam
Updated: May 16, 2019, 10:57 AM IST
কেনেকৈ সংঘটিত হৈছিল জু–ৰোডৰ গ্ৰেণেড বিস্ফোৰণ? আৰক্ষীৰ প্ৰাথমিক তদন্তত ওলাইছে কেতবোৰ তথ্য। এই তথ্য অনুসৰি চানমাৰিৰ দিশৰ পৰা আহিছিল দুটা দুৰ্বত্ত। এখন বাইকত অহা দুই দুৰ্বৃত্তই গ্ৰেণেড নিক্ষেপ কৰি গণেগুৰিৰ দিশলৈ পলায়ন কৰে। দুৰ্বৃত্তই গ্ৰেণেড নিক্ষেপ কৰাৰ সময়ত পথৰ বিপৰীত দিশত চলি আছিল আৰক্ষীৰ তালাচী।  সন্ধিয়া প্ৰায় সাত বাজি ৪০মিনিটত জু–ৰোডৰ গুৱাহাটী চেন্ট্ৰেলৰ সন্মুখত গ্ৰেণেড বিস্ফোৰণৰ ফলত ১১জনকৈ লোক আহত হৈ মহানগৰীৰ তিনিখন চিকিৎসালয়ত ভৰ্তি হৈ আছে। তহলদাৰী নিৰাপত্তাবাহিনীলৈ লক্ষ্য কৰি এই গ্ৰেণেড নিক্ষেপ কৰাৰ কথা প্ৰকাশ কৰা হৈছে।  মহানগৰীত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হোৱাৰ প্ৰাকক্ষণত সংঘটিত এই বিস্ফোৰণে উদ্বিগ্ন কৰি তুলিছে গৃহ বিভাগকো। ইতিমধ্য সংবাদমাধ্যমলৈ ফোনযোগে আলফা স্বাধীনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে।


গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আহত SSB জোৱান ৪৫বছৰীয়া ৰমেশ লাল। বুকুত আঘাতপ্ৰাপ্ত ৰমেশ লাল। চিকিৎসাধীন SSB জোৱান অমূল্য ৰতন। ফাৰদিন হুছেইন ৰহমান, চুলতান জাহিদুৰ ৰহমান, বিজয় কুমাৰ চাও চিকিৎসাধীন GMCHত।

নেমকেয়াৰ হাস্পিতালত চিকিৎসাধীন ৰিয়া কাঞ্চল, অমিত কুমাৰ কাঞ্চল।
KGMTত চিকিৎসাধীন হীৰকজ্যোতি বৰুৱা, লালা কুমাৰ যাদৱ, এডৱাৰ্ড মাৰ, কল্যাণ বৈশ্য।

ইয়াৰ মাজতে গ্ৰেণেড বিস্ফোৰণত আহতৰ বাবে সাহায্য ঘোষণা।
নিয়ম অনুসৰি আহতই পাব ৫০হাজাৰ টকাকৈ।

NEWS18ক জনায় মহানগৰ উপায়ুক্তই।
ঘটনাক তীব্ৰ ভাষাৰে নিন্দা মহানগৰ উপায়ুক্তৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি