নিৰ্বাচনত কোন কেইটা সমষ্টিত জিকিব বিজেপি? আগতীয়াকৈয়ে ক’লে সভাপতি ৰণজিত্‍ দাসে

News18 Assam | News18-Assam
Updated:October 15, 2020, 2:57 PM IST
নিৰ্বাচনত কোন কেইটা সমষ্টিত জিকিব বিজেপি? আগতীয়াকৈয়ে ক’লে সভাপতি ৰণজিত্‍ দাসে
ৰাজপথত আন্দোলন কৰা আৰু চৰকাৰ চলোৱা দুটা সম্পূৰ্ণ পৃথক কথাঃ ৰণজিত্‍ কুমাৰ দাস

ৰাজপথত আন্দোলন কৰা আৰু চৰকাৰ চলোৱা দুটা সম্পূৰ্ণ পৃথক কথাঃ ৰণজিত্‍ কুমাৰ দাস

  • Share this:
আগন্তুক নিৰ্বাচনত বিজেপিয়ে ১০০ খন আসন লাভ কৰাটো নিশ্চিত বুলি জানিবলৈ দিছে  বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। ইতিমধ্যে বিজেপিৰ তৰফৰ পৰা চলোৱা সমীক্ষাত স্পষ্ট হৈ পৰিছে এই কথা।

কেনেদৰে আগন্তুক নিৰ্বাচনত বিজেপিৰ মিচন ১০০ কেনেদৰে সফল হ’ব সেই সন্দৰ্ভত স্পষ্ট ব্যাখ্যা আগবঢ়াইছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০ খন আসন , অগপই ১৪ খন , বিপিএফয়ে ১২ খন আসন আৰু এখন আসন নিৰ্দলীয়ই লাভ কৰি বিজেপি আৰু মিত্ৰজোটে মুঠ ৮৭ খন আসনেৰে চৰকাৰ গঠন কৰিছিল। এইবাৰ বিৰোধীৰ দখলত থকা আন ৯টা সমষ্টিত বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত বুলি মত ব্যক্ত কৰিছে ৰণজিত্‍ কুমাৰ দাসে।এই ৯টা সমষ্টি হ’ল- মৰিয়নি, তিতাবৰ, নাজিৰা, সৰুপথাৰ, ডুমডুমা, নাওবৈচা, শিৱসাগৰ, গোলাঘাট আৰু লক্ষীপুৰ।

যোৰহাট জিলা বিজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক  সভাপতিগৰাকীয়ে আত্মবিশ্বাসেৰে কয় যে, তেওঁলোকে এইবাৰ বিধানসভা নিৰ্বাচনত ৮৪ লাখ ভোট লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব। 

" বিগত সংসদীয় নিৰ্বাচনত অসমত বিজেপিয়ে ৬৪ লাখ ভোট লাভ কৰিছিল। এইবাৰৰ নিৰ্বাচনত বিজেপিৰ ২০ লাখ ভোট বৃদ্ধি পাব। যদিহে অসমৰ ডেৰকোটি মানুহে ভোটদান কৰে তেন্তে বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত।"- বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে এনেদৰে কয়।

আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত এখন স্পষ্ট ছবি দাঙি ধৰে বিজেপিৰ সভাপতিগৰাকীয়ে। শেহতীয়াকৈ বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লোকসকলৰ সমৰ্থন লাভ কৰাৰ পিছত আৰু বহু জনগোষ্ঠীৰ সমৰ্থন লাভ কৰিব বুলি সভাপতিগৰাকীয়ে কয়। আনহাতে নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিয়াৰ লগতে বৰ্তমান মিত্ৰ দলৰ দখলত থকা সমষ্টিবোৰত পুনৰ জয়লাভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও  উল্লেখ কৰে ৰণজিত্‍ কুমাৰ দাসে।

অচিৰেই বিজেপি দলত  কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ বহু কেইগৰাকী প্ৰাক্তন বিধায়কে যোগদান কৰিব বুলি জানিবলৈ দিয়ে ৰঞ্জিত কুমাৰ দাসে। মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত জিকিব পৰা আৰু গ্ৰহণযোগ্যতা থকা মহিলা থাকিলেহে প্ৰাৰ্থীত্ব দিয়া হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিজেপি সভাপতিগৰাকীয়ে। আনহাতে ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বই সমষ্টিসমূহত চলাই থকা ছাৰ্ভেৰ ওপৰত ভিত্তি কৰিয়েই সমষ্টিসমূহত নতুন লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰা বিষয়টো নিৰ্ভৰ কৰিব বুলি জানিবলৈ দিছে সভাপতিগৰাকীয়ে।

আনহাতে নতুন ৰাজনৈতিক দল সন্দৰ্ভত বিজেপি সভাপতিগৰাকীয়ে কয় যে, ৰাজপথত আন্দোলন কৰা আৰু চৰকাৰ চলোৱা দুটা সম্পূৰ্ণ পৃথক কথা।

যোৰহাটত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ চাহ মৰ্চাৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। এই বৃহৎ সভাৰ জৰিয়তে বিজেপিয়ে যেন নিৰ্বাচনী ৰণশিঙা বজালে যোৰহাটত। সভাত উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয় যে, চাহ বাগিচাৰ লোকসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা ৩৫টা বিধান সভা সমষ্টিৰ অধিকাংশতে বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত।
Published by: Himangshu Bhuyan
First published: October 15, 2020, 2:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading