• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HSLC Result: তৃতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ লাবিব মুজিবে কিমান সময় দিছিল অধ্যয়নত, ভৱিষ্যতে কি হোৱাৰ মন?

Assam HSLC Result: তৃতীয় স্থানপ্ৰাপ্ত ডিব্ৰুগড়ৰ লাবিব মুজিবে কিমান সময় দিছিল অধ্যয়নত, ভৱিষ্যতে কি হোৱাৰ মন?

ছাত্ৰগৰাকীয়ে এই সাফল্যত মাক-দেউতাকৰ লগতে শিক্ষাগুৰুসকলৰ কৃতিত্ব আছে বুলি প্ৰকাশ কৰে।

ছাত্ৰগৰাকীয়ে এই সাফল্যত মাক-দেউতাকৰ লগতে শিক্ষাগুৰুসকলৰ কৃতিত্ব আছে বুলি প্ৰকাশ কৰে।

ছাত্ৰগৰাকীয়ে এই সাফল্যত মাক-দেউতাকৰ লগতে শিক্ষাগুৰুসকলৰ কৃতিত্ব আছে বুলি প্ৰকাশ কৰে।

  • Share this:
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তৃতীয় স্থান দখল কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে বৈৰাগীমঠ এইচ এছ হাইস্কুলৰ ছাত্ৰ লাবিব মুজিবে ৷ ডিব্ৰুগড় চহৰৰ ক'ল ৰড নিৱাসী মুজিব খান আৰু শৰঞ্জিত কৌৰ খানৰ পুত্ৰ লাবিবে লাভ কৰিছে মুঠ ৫৯৫ নম্বৰ  (Labib Mujib ranked third in the HSLC exam)৷

এই ফলাফল লাভ কৰাৰ পাছতে লাবিব মুজিবৰ বাসগৃহত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ ছাত্ৰজনৰ এই সাফল্যত পিতৃ-মাতৃ, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগিতাৰ কথা সুঁৱৰে ছাত্ৰজনে ৷

লাবিব মুজিবে দৈনিক ৭-৮ ঘন্টাকৈ নিয়মিত অধ্যয়ন কৰাৰ লগতে খেলৰো অনুশীলন কৰিছিল। ঘৰুৱা শিক্ষকৰ সহায় লৈছিল ছাত্ৰজনে। লাবিব এগৰাকী সুদক্ষ বেডমিন্টন খেলুৱৈও।

উল্লেখ্য যে লাবিবৰ পিতৃ আৰু মাতৃ দন্ত চিকিৎসক। লাবিব মুজিবে পিতৃ-মাতৃৰ পদাংক অনুকৰণ কৰি বিজ্ঞান বিভাগত ডিব্ৰুগড়ৰ এখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ লক্ষ্য ৰাখিছে।

সন্তানৰ সফলতাত উৎফুল্লিত পিতৃ-মাতৃয়ে সন্তানক অধ্যয়নৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায় কৰাৰ কথা অৱগত কৰে । ইফালে, লক ডাউনৰ সময়ত কিছু অসুবিধাৰ সন্মুখীন হোৱা বুলিও উল্লেখ কৰে লাবিব মুজিবে।

ছাত্ৰগৰাকীয়ে এই সাফল্যত মাক-দেউতাকৰ লগতে শিক্ষাগুৰুসকলৰ কৃতিত্ব আছে বুলি অভিহিত কৰে । উল্লেখ্য যে জিলাখনৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যখনৰ ভিতৰতে স্থান লাভ কৰি ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

নৱম স্থানত ডিব্ৰুগড় ছল্টব্ৰুক স্কুলৰ পৰা ধৃতিস্মান দত্ত, ডিব্ৰুগড় লিটল ফ্লাৱাৰ স্কুলৰ পৰা অন্যন্যা ভৰদ্বাজে দশম স্থান আৰু টেঙাখাট জাতীয় বিদ্যালয়ৰ ছাত্ৰী এনিকংকনা গগৈয়ে দশম স্থান লাভ কৰিছে।
Published by:Gautam Barman
First published: