জীয়াই থকাৰ সংগ্ৰাম! স্বামীৰ অসুস্থতাৰ বাবে অ’টো খন লৈ ওলাল পত্নী, ৰাজমিস্ত্ৰীয়ে ঘৰে ঘৰে কৰিছে ফল-মূল বিক্ৰী

News18 Assam | News18-Assam
Updated:July 16, 2020, 9:10 PM IST
জীয়াই থকাৰ সংগ্ৰাম! স্বামীৰ অসুস্থতাৰ বাবে অ’টো খন লৈ ওলাল পত্নী, ৰাজমিস্ত্ৰীয়ে ঘৰে ঘৰে কৰিছে ফল-মূল বিক্ৰী
গুৱাহাটী মহানগৰীত পৰিছে ল’ক ডাউনৰ প্ৰভাৱ।

গুৱাহাটী মহানগৰীত পৰিছে ল’ক ডাউনৰ প্ৰভাৱ।

  • Share this:
কোৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ গুৱাহাটীতে এতিয়া সম্পূৰ্ণ ল’ক ডাউন। ল’ক ডাউনৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে খাতি খোৱা লোকসকল। সকলোৱে দুবেলা দুসাজৰ বাবে কৰিবলগীয়া হৈছে সংগ্ৰাম। ল’ক ডাউনৰ সময়ত স্বামীৰ অসুস্থতাৰ বাবে নিজে অ'টোলৈ ওলাই আহিল জোৎস্না নামৰ এগৰাকী মহিলা ৷ আনফালে ভাড়া কৰা ৰিক্সাৰে এগৰাকী ৰাজমিস্ত্ৰীয়ে আৰম্ভ কৰিছে ফল-মূলৰ ব্যৱসায় ৷ মুঠতে ল’ক ডাউনে এতিয়া সলনি কৰিছে বহুতৰে জীৱন আৰু জীৱিকা ৷



মহানগৰীৰ ৰাজপথৰ মহিলা অ'টো চালকগৰাকীৰ নাম জোৎস্না কুমাৰ ৷ বৰমাৰ জোৎস্না স্বামীৰ সৈতে থাকে গুৱাহাটীত ৷ ল’ক ডাউনৰ সময়ত স্বামীৰ অসুস্থতাৰ বাবে স্বামীৰ অ'টোখনলৈ নিজেই ওলাই আহিছে ৷

'তেওঁৰ  শৰীৰ ভালে নাথাকিলে কেতিয়াবা কেতিয়াবা অ'টোখন লৈ আহো ৷ ল’ক ডাউনত চলাত যথেষ্ট অসুবিধা হৈছে, সেয়েহে অভাৱ পূৰণৰ তাগিদাত ময়েই ওলাই আহিছো ৷’- এনেদৰে News18ৰ আগত ক’লে মহিলাগৰাকীয়ে।

আনজনৰ গোৱালপাৰাৰ আজিজুৰ হক ৷ পেছাত এগৰাকী ৰাজমিস্ত্ৰী ৷ ল’ক ডাউনৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত ৰাজমিস্ত্ৰী আজিজুৰে খুলশালীয়েকক লগত লৈ আৰম্ভ কৰিছে ফল-মূলৰ ব্যৱসায় ৷ দৈনিক ৭০ টকা ভাড়াত অনা ৰিক্সাখনেৰে ঘৰে ঘৰে বিক্ৰী কৰিছে ফল-মূল ৷

ল’ক ডাউনত কাম বন্ধ হৈ আছে ৷ যেনে তেনে পেটে ভাটে খাই আছো ৷ চৰকাৰৰ পৰা একো পোৱা নাই, কিবা এটা কৰক' -এনেদৰে ক’লে আজিজুৰে।

এয়া মাত্ৰ দুটা উদাহৰণহে ৷ এনে আৰু বহুত আছে, যাক বাৰুকৈয়ে প্ৰভাৱন্বিত কৰিছে ল’ক ডাউনে ৷
Published by: Himangshu Bhuyan
First published: July 16, 2020, 9:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading