আলফাৰ শ্লিপাৰ চেলৰূপে কেনেকৈ মহানগৰীত কাম কৰি আছিল জাহ্নৱীয়ে?

অভিনয় আৰু সংস্কৃতিৰ ক্ষেত্ৰৰ সৈতে জড়িত জাহ্নৱী কেনেকৈ আলফা স্বাধীনৰ সৈতে জড়িত হৈ গুৱাহাটী বিস্ফোৰণৰ দৰে ভয়ংকৰ কূটাঘাত সংঘটিত কৰিলে? প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱীৰ এই ভয়ংকৰ পৰিকল্পনাই উদ্ৰেগ ঘটাইছে বহু প্ৰশ্নৰ।

news18assam
Updated:May 17, 2019, 1:12 PM IST
আলফাৰ শ্লিপাৰ চেলৰূপে কেনেকৈ মহানগৰীত কাম কৰি আছিল জাহ্নৱীয়ে?
অভিনয় আৰু সংস্কৃতিৰ ক্ষেত্ৰৰ সৈতে জড়িত জাহ্নৱী কেনেকৈ আলফা স্বাধীনৰ সৈতে জড়িত হৈ গুৱাহাটী বিস্ফোৰণৰ দৰে ভয়ংকৰ কূটাঘাত সংঘটিত কৰিলে? প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱীৰ এই ভয়ংকৰ পৰিকল্পনাই উদ্ৰেগ ঘটাইছে বহু প্ৰশ্নৰ।
news18assam
Updated: May 17, 2019, 1:12 PM IST
গুৱাহাটীৰ মাজমজিয়াত গ্ৰেনেড বিস্ফোৰণৰ অন্যতম মাষ্টাৰমাইণ্ডৰূপে অভিহিত হোৱা বহুচৰ্চিত জাহ্নৱী দাস শইকীয়া প্ৰকৃততে কোন? শিৱসাগৰ চহৰৰ মাজমজিয়াৰ আমোলাপট্টীৰ এখন সম্ভ্ৰান্ত ঘৰৰ কন্যা জাহ্নৱী দাস শইকীয়া। তেওঁৰ স্বামীও এগৰাকী প্ৰতিষ্ঠিত চিকিৎসক। এনেকুৱা মৰ্যাদাসম্পন্ন পৰিয়ালৰ সদস্য হৈ জাহ্নৱী দাস শইকীয়াৰ নাম কিয় আলফা স্বাধীনৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত হৈ পৰিল সেয়া এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন।



পাঞ্জাবাৰীৰ নামঘৰ পথৰ জাহ্নৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে মাৰণাস্ত্ৰ, বিস্ফোৰক, গ্ৰেনেড নিৰ্মাণৰ আহিলা, আলফা স্বাধীনৰ পেড আদি উদ্ধাৰ কৰিছে। এই উদ্ধাৰ হোৱা সামগ্ৰীৰ পৰাই জাহ্নৱী শইকীয়া যে এগৰাকী গোপন আৰু সক্ৰিয় আলফা সদস্য আছিল সেই কথা প্ৰায় স্পষ্ট হৈ পৰিছে।



দৈনিক বাতৰি কাকত ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশ পোৱা মতে, শিৱসাগৰৰ বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ আনন্দ মোহন দাসৰ কন্যা আৰু বিশিষ্ট চিকিৎসক ডাঃ অমিত শইকীয়াৰ পত্নী এইগৰাকী জাহ্নৱী। জাহ্নৱী শইকীয়াৰ একমাত্ৰ পুত্ৰ গুৱাহাটীত অধ্যয়নৰত আৰু একমাত্ৰ কন্যা দন্ত চিকিৎসক। সৰুৰে পৰা নাটক, কবিতা ভাল পোৱা জাহ্নৱী এগৰাকী কবি হিচাপেও পৰিচিত। শিৱসাগৰৰ নাট্য মন্দিৰকে ধৰি বিভিন্ন নাট্যানুষ্ঠানত নাটক কৰি পৰিচিতি লাভ কৰা জাহ্নৱী শইকীয়াই কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছে।



শৈশৱৰ পৰা সাংস্কৃতিক ক্ষেত্ৰ আৰু বিভিন্ন সামাজিক  অনুষ্ঠান–প্ৰতিষ্ঠানৰ সৈতে জড়িত জাহ্নৱী। তেওঁ শিৱসাগৰত শংকৰ মন্দিৰ পথত এটা সময়ত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি ছাত্ৰ–ছাত্ৰীক প্ৰশিক্ষণো দিয়াইছিল। ২০১০ চনৰ পৰা গুৱাহাটীত থাকিবলৈ লৈছিল জাহ্নৱী। এনেকুৱা এগৰাকী সংস্কৃতিবান পৰিৱেশৰ এগৰাকী নাৰী কি কাৰণত উগ্ৰপন্থাৰ সৈতে জড়িত হ’ল সেয়া বিশ্লেষণ কৰি উলিয়াব নোৱাৰি বুলি প্ৰকাশ কৰিছে একাংশ সচেতন লোকে।

আলোচনাপন্থী আলফা প্ৰাণময় ৰাজগুৰু


আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুৱে নিজৰ ভগ্নী বুলি পৰিচয় দিয়া এইগৰাকী জাহ্নৱীয়ে মাত্ৰ কেইদিনমান পূৰ্বে পাঞ্জাবাৰীৰ সেই নিৰ্দিষ্ট ঘৰটো ভাৰালৈ লৈছিল। ভাতৃসদৃশ প্ৰাণময় ৰাজগুৰুও আছিল তেওঁৰ সৈতে। আৰু সেই ভাৰাঘৰটোৰ পৰাই ৰচনা কৰা হৈছিল মহানগৰীত কূটাঘাতৰ পৰিকল্পনা। বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত জাহ্নৱীৰ ফোনৰ পৰা ঘনে ঘনে ফোন গৈছিল এটা নিৰ্দিষ্ট নম্বৰলৈ। আৰক্ষীয়ে এই নম্বৰৰ সূত্ৰ উদ্ধাৰ কৰিয়ে গ্ৰেপ্তাৰ কৰে প্ৰাণময়–জাহ্নৱী যুটীক। জাহ্নৱীয়ে আৰক্ষীৰ জেৰাত প্ৰথমে একো কথা স্বীকাৰ কৰা নাছিল যদিও প্ৰাণময় ৰাজগুৰুৱে স্পষ্ট ভাষাৰে উল্লেখ কৰিছে – বিপ্লৱ অব্যাহত থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি