মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জন্মৰ মাত্ৰ ১০ দিনতে মাতৃৰ পৰা বিচ্ছিন্ন হোৱা কৃষ্ণ এতিয়া কেনে আছে?

জন্মৰ মাত্ৰ ১০ দিনতে মাতৃৰ পৰা বিচ্ছিন্ন হোৱা কৃষ্ণ এতিয়া কেনে আছে?

News18 Assam | News18-Assam
Updated:September 13, 2021, 12:52 PM IST
জন্মৰ মাত্ৰ ১০ দিনতে মাতৃৰ পৰা বিচ্ছিন্ন হোৱা কৃষ্ণ এতিয়া কেনে আছে?
কৃষ্ণ হৈছে বিগত বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হোৱা এটা কণমানি গঁড় পোৱালী।

কৃষ্ণ হৈছে বিগত বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হোৱা এটা কণমানি গঁড় পোৱালী।

  • News18 Assam
  • Last Updated: September 13, 2021, 12:52 PM IST
  • Share this:
কেনে আছে কাজিৰঙাৰ বানত উদ্ধাৰ হোৱা কৃষ্ণ? মাত্ৰ দহ দিনীয়া বয়সতে মাতৃৰ পৰা বিছিন্ন হোৱা কৃষ্ণ এতিয়া লালিত পালিত কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰত।

কৃষ্ণ হৈছে বিগত বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হোৱা এটা কণমানি গঁড় পোৱালী। উদ্ধাৰ কৰাৰ দহ দিনৰ পাছত এতিয়া মাতৃস্নেহ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই। কেন্দ্ৰটোতে চিকিৎসা আৰু পৰিচৰ্যাৰ মাজত সুস্থহৈ উঠিছে বিশদিনীয়া গঁড় পোৱালীটো ৷

শেহতীয়াকৈ আগষ্ট মাহত কৃষ্ণ জন্মষ্টমী দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখৰ এটা হাইলেণ্ডত উদ্ধাৰ হৈছিল মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা গঁড় পোৱালীটো। জন্মষ্টমীৰ দিনা উদ্ধাৰ হোৱাৰ বাবে চিনাক্তকৰণত সুবিধা হোৱাকৈ পোৱালিটোৰ নাম কৃষ্ণ ৰাখিলে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই ৷ কেন্দ্ৰটোৰ চিকিৎসা কৰ্মীৰ পৰিচৰ্যা তথা চেনেহৰ মাজত নতুন জীৱন আৰম্ভ কৰিছে গঁড় পোৱালীটোৱে ৷

মাতৃৰ পৰা বিচ্ছিন্ন হোৱা গঁড় পোৱালীটোক উদ্ধাৰৰ ২৪ ঘণ্টাৰ ভিতৰত মাকক বিচাৰি পালে উভতাই পঠাব পৰা গ'ল হেতেন বুলি মন্তব্য কৰে কেন্দ্ৰটোৰ চিকিৎসক চামচুল আলীয়ে। এতিয়া উদ্ধাৰৰ দহ দিন অতিক্ৰম কৰিলে যাৰ বাবে মাকৰ মৰম স্নেহৰ পৰা বঞ্চিত হৈ কেন্দ্ৰটোতে ডাঙৰ দীঘল হব লাগিব গঁড় পোৱালিটো।

উল্লেখ যে, বিগত বৰ্ষৰ বানত মাতৃৰ পৰা বিছিন্ন হোৱা আন চাৰিটা গঁড় পোৱালী এতিয়াও প্ৰতিপালিত হৈ আছে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংগস্থাপন কেন্দ্ৰত।
Published by: Himangshu Bhuyan
First published: September 13, 2021, 12:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি