உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এইবাৰ শিক্ষাৰ্থীয়ে কেনেকৈ পাব মেট্ৰিকৰ ফলাফল, কিদৰে লাভ কৰিব মাৰ্কশ্বীট–চাৰ্টিফিকেট?

    এইবাৰ শিক্ষাৰ্থীয়ে কেনেকৈ পাব মেট্ৰিকৰ ফলাফল, কিদৰে লাভ কৰিব মাৰ্কশ্বীট–চাৰ্টিফিকেট?

    ৬ জুন অৰ্থাৎ পুৱাৰ ৯ বজাৰ লগে লগে ছেবাৰ ১৪টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব ফলাফল।

    ৬ জুন অৰ্থাৎ পুৱাৰ ৯ বজাৰ লগে লগে ছেবাৰ ১৪টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব ফলাফল।

    ৬ জুন অৰ্থাৎ পুৱাৰ ৯ বজাৰ লগে লগে ছেবাৰ ১৪টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব ফলাফল।

    • Share this:
    আন বছৰৰ দৰে এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে যাব নালাগে মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল ল’বলৈ। নালাগে ৰিজাল্ট ঘোষণাৰ পিছতে মাৰ্কশ্বীট অথবা পাছ চাৰ্টিফিকেট আনিবলৈ বিদ্যালয়লৈ যাব। সকলোবোৰ ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিব অনলাইনযোগে। এইবাৰ কোনে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে দেখা নাপাব পূৰ্বৰ দৰে বহু পৃষ্ঠাৰ বুকলেট। কেৱল পি ডি এফ ফাইলহে লাভ কৰিব বিদ্যালয়সমূহে।

    ৬ জুন অৰ্থাৎ পুৱাৰ ৯ বজাৰ লগে লগে ছেবাৰ ১৪টাকৈ ৱেবছাইটত ঘোষণা কৰা হ’ব ফলাফল। তাৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে প্ৰিণ্ট কৰি ল’ব পাৰিব নিজৰ মাৰ্কশ্বীট আৰু পাছ চাৰ্টিফিকেট। সেই মাৰ্কশ্বীটৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰ–ছাত্ৰীসকলে অনলাইনযোগে কৰিব পাৰিব প্ৰ-পত্ৰ পূৰণ।

    ফলাফল ঘোষণা কৰা ১৫ দিন পিছত নাইবা লকডাউন খুলিলে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ বিদ্যালয়সমূহত লাভ কৰিব অৰিজিনেল মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট। দেশত কোৰোনা ভাইৰাছৰ বাবে লকডাউন চলি থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই।

    ফলাফল ঘোষণাৰ এটা সপ্তাহৰ পিছতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আৰম্ভ হ’ব প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া। আৰু জুনৰ শেষৰ ভাগৰ পৰা আৰম্ভ হ’ব পাঠদান। মেট্ৰিকৰ নিচিনাকৈ ২৫ জুনৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ বাবে প্ৰস্তুতি চলাইছে শিক্ষা সংসদে। এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ ৮৬০টা কেন্দ্রত অৱতীৰ্ণ হৈছিল ৩ লাখ ৫৮ হাজাৰ পৰীক্ষাৰ্থী।
    First published: