‘মোক সদনৰ পৰা বাহিৰ কৰি দিয়া হৈছিল, হিমন্তই কেনেকৈ বিধানসভাৰ পৰা ফেচবুক লাইভ কৰিব পাৰে?’

News18 Assam | News18-Assam
Updated:January 14, 2020, 11:05 AM IST
‘মোক সদনৰ পৰা বাহিৰ কৰি দিয়া হৈছিল, হিমন্তই কেনেকৈ বিধানসভাৰ পৰা ফেচবুক লাইভ কৰিব পাৰে?’
সোমবাৰে বিধানসভাৰ অধিৱেশনত নিজৰ ভাষণৰ ফেচবুক লাইভ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজত।

সোমবাৰে বিধানসভাৰ অধিৱেশনত নিজৰ ভাষণৰ ফেচবুক লাইভ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজত।

  • Share this:
বিধানসভাৰ পৰা ফেচবুক লাইভ কৰাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাগৰাকীও বিৰোধী বিধায়কে অভিযোগ উত্থাপন কৰে বিধানসভাৰ বিশেষ অধিৱেশনত। সোমবাৰে বিধানসভাৰ অধিৱেশনত নিজৰ ভাষণৰ ফেচবুক লাইভ হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজত। তাৰ পিছতে কেইবাজনো বিৰোধী বিধায়কে অধ্যক্ষক অভিযোগ কৰে এই সন্দৰ্ভত।

বিধায়ক আমিনুল ইছলামে অধ্যক্ষলৈ পত্ৰ লিখি অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ ফেচবুকত লাইভ হৈছে। আগষ্ট মাহত মোক ইয়াৰ বাবে সদনৰ পৰা নিলম্বন কৰা হৈছিল।



আনহাতে, বিধায়ক ৰকিবুল হুছেইনেও হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ ফেচবুক লাইভ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰে সদনত। পিছত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভক লৈ তদন্ত ঘোষণা কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি