দেশজুৰি কোৰণাৰ সন্ত্ৰাসে ত্ৰাস সৃষ্টি কৰি থকা সময়ত তথা কাইলৈ তিনিচুকীয়া জিলালৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ প্ৰাকমুহূৰ্তত আজি ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত দুজন লোকে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ডিগবৈ থানাৰ পৰা ১২ কিলোমিটাৰ নিলগৰ লগতে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বাসগৃহ সমীপৰ টিংৰাই বজাৰত দিনৰ ১ বজাত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণ।
আজি টিংৰাই বজাৰৰ পুৰনমল আগৰৱালাই চৰকাৰী বিধি অনুসৰি দিনৰ ১ বজাত দোকান বন্ধ কৰোঁতেই পানীখোৱা শুকানপুখুৰী অঞ্চলৰ সঞ্জয় সিং নামৰ এজন গ্ৰাহক আহি দোকানৰ পৰা পানীয় বিচাৰিছিল। দোকানৰ গৰাকী পুৰনমল আগৰৱালাই গ্ৰাহকক সামগ্ৰীকেইপদ দিবলৈ লওঁতেই দোকানখনৰ বাৰাণ্ডাত এক বিস্ফোৰণ সংঘটিত হয়। ঘটনাৰ সংঘটিত ফলত গুৰুতৰ ভাৱে আহত হয় দোকানখনৰ সুৰজিৎ তালুকদাৰ(২২), গ্ৰাহক সঞ্জীৱ সিং(২৫) , কাষৰীয়া দোকানী ঘনশ্যাম আগৰৱালা (৩২) আৰু মনজিৎ দাস।
আহতকেইজনক ততাতৈয়াকৈ ডিগবৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত সঞ্জয় সিঙৰ মৃত্যু হোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও দ্বিতীয়জন আহত লোক সুৰজিৎ তালুকদাৰৰো মৃত্যু হয়। সামান্য আঘাতপ্ৰাপ্ত মনজিৎ দাস ডিগবৈত প্ৰাথমিক চিকিৎসা কৰি ঘৰলৈ অহাৰ বিপৰীতে ঘনশ্যাম আগৰৱালা (৩২) ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
ঘটনা সংঘটিত লগে লগে তিনিচুকীয়া জিলা উপায়ুক্ত দিগন্ত শইকীয়া, জিলা আৰক্ষী অধীক্ষক বৈভৱ নিৰ্মলকাৰ, মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পোনা গগৈ, ডিগবৈ আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিকুঞ্জ বৰ্মন, ডিগবৈ সেনাবাহিনী কামাণ্ডিং বিষয়া জন সিঙৰ নেতৃত্বত বৃহৎ আৰক্ষী সেনাবাহিনী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে।
ইপিনে ঘটনাস্থলীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ আৰু ডিগবৈ বিধায়ক সুৰেন ফুকনে সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মৃত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। লগতে দোষীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে। আনহাতে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপসভাপতি লক্ষ্যজ্যোতি গগৈ, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য নিখিল কোঁচে সমগ্ৰ ঘটনাক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে নিহত আৰু আহত পৰিয়াল বৰ্গক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায়।
ডিগবৈ গ্ৰেনেড বিস্ফোৰণৰ ঘটনা অস্বীকাৰ আলফাৰ
আজিৰ গ্ৰেনেড বিস্ফোৰণত দুজন লোকৰ মৃত্যুত আলফা স্বাধীনে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে উক্ত ঘটনাৰ লগত আলফা স্বাধীন জড়িত নহয় বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে। সমগ্ৰ ঘটনা অস্বীকাৰ কৰি আলফা স্বাধীনে ৰাষ্ট্ৰযন্ত্ৰৰ ষড়যন্ত্ৰ বাবে এনে ঘটনা সংঘটিত হয় বুলি অভিহিত কৰে। বিগত সময়ছোৱাত কোৰণাৰ বাবেই কোনো কেডাৰক সামৰিক কামত লগোৱা হোৱা নাই বুলি উল্লেখ কৰি সকলো আলফা শিবিৰতে আছে বুলি ব্যক্ত কৰে। উক্ত ঘটনাৰ লগত আলফাক জড়িত কৰি জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ ভেৰোণীয়া বাহিনী নতুবা অসম আৰক্ষী কোনো ব্যক্তিয়ে এনে নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি কেপ্তেইন ৰুমেল অসমৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটো উল্লেখ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|