মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘তাইৰ কণ কণ আঙুলিকেইটাহে মই পানীত দেখা পাইছিলো', নিমাতীৰ দুৰ্ঘটনাত মাতৃয়ে কেনেকৈ ৰক্ষা কৰিছিল দুমহীয়া নয়নমণিক? কন্যাক বচাই চাদৰৰ আগ ফালি মিনতিয়ে ৰক্ষা কৰিছিল আনৰো প্ৰাণ

‘তাইৰ কণ কণ আঙুলিকেইটাহে মই পানীত দেখা পাইছিলো', নিমাতীৰ দুৰ্ঘটনাত মাতৃয়ে কেনেকৈ ৰক্ষা কৰিছিল দুমহীয়া নয়নমণিক? কন্যাক বচাই চাদৰৰ আগ ফালি মিনতিয়ে ৰক্ষা কৰিছিল আনৰো প্ৰাণ

News18 Assam | News18-Assam
Updated:September 13, 2021, 9:35 PM IST
‘তাইৰ কণ কণ আঙুলিকেইটাহে মই পানীত দেখা পাইছিলো', নিমাতীৰ দুৰ্ঘটনাত মাতৃয়ে কেনেকৈ ৰক্ষা কৰিছিল দুমহীয়া নয়নমণিক? কন্যাক বচাই চাদৰৰ আগ ফালি মিনতিয়ে ৰক্ষা কৰিছিল আনৰো প্ৰাণ
যোৱা ৮ আগষ্ট বুধবাৰে মিনতিয়ে মাজুলীৰ পৰা নিমাতী ঘাট পাৰ হৈ এজন শিশু ৰোগ বিশেষজ্ঞক লগ ধৰিবলৈ যোৰহাটলৈ গৈছিল। কাৰণ সেইদিনা আছিল দুমহীয়া সন্তানটিৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু টিকাকৰণৰ দিন। 

যোৱা ৮ আগষ্ট বুধবাৰে মিনতিয়ে মাজুলীৰ পৰা নিমাতী ঘাট পাৰ হৈ এজন শিশু ৰোগ বিশেষজ্ঞক লগ ধৰিবলৈ যোৰহাটলৈ গৈছিল। কাৰণ সেইদিনা আছিল দুমহীয়া সন্তানটিৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু টিকাকৰণৰ দিন। 

  • News18 Assam
  • Last Updated: September 13, 2021, 9:35 PM IST
  • Share this:
যেতিয়া নয়নমণি ডাঙৰ হ'ব, হয়তো তাইৰ মনত নাথাকিব যে, জন্মৰ দুমাহৰ পিছতে তাইৰ লগত কি হৈছিল! যোৱা ৮ আগষ্ট বুধবাৰে মিনতিয়ে মাজুলীৰ পৰা নিমাতী ঘাট পাৰ হৈ এজন শিশু ৰোগ বিশেষজ্ঞক লগ ধৰিবলৈ যোৰহাটলৈ গৈছিল। কাৰণ সেইদিনা আছিল দুমহীয়া সন্তানটিৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু টিকাকৰণৰ দিন।

ডিব্ৰুগড়ত মিনতিৰ আত্মীয় আছিল যদিও, ডাক্তৰক লগ ধৰি মিনতিয়ে সেই দিনাই সন্তানটিৰ সৈতে মাজুলীলৈ উভতি অহাৰ সিদ্ধান্ত লয়। মিনতিৰ স্বামী মৰ্টন মাজুলীৰে এগৰাকী স্থানীয় জনগোষ্ঠীয় ব্যক্তি। দৈনিক মজুৰী কৰি পৰিয়াল চলাই মৰ্টনে। খৰধৰকৈ মাজুলীলৈ উভতাৰ সময়ত সদায় তেওঁ ঘৰখনৰ প্ৰয়োজনীয় বস্তু লগতে লৈ আহিব লাগিছিল। অন্তিমখন ফেৰী আছিল সন্ধিয়া প্ৰায় ৪ বজাত।

মা কমলা নামৰ এটা ইঞ্জিনৰ ফেৰীখন সেইসময়ত ৯২ জন যাত্ৰীৰে মাজুলীলৈ বুলি ৰাওনা হ'বলৈ সাজু হৈছিল। ফেৰীখনত নিজৰ দুমহীয়া শিশুটিৰ সৈতে মিনতিও আছিল। স্থানীয় নাৱৰীয়াৰ দ্বাৰা চলোৱা নাওখনত নাছিল কোনো টিকটৰ ব্যৱস্থা। যাত্ৰা আৰম্ভ কৰিবলৈ লোৱাৰ সময়তে মিনতিয়ে একাংশ সহযাত্ৰীৰ চিঞৰ বাখৰ শুনাৰ লগতে এটা শক্তিশালী জোকাৰণি অনুভৱ কৰে। তেতিয়া মিনতিৰ লগতে অন্যান্য যাত্ৰীয়ে কেবিনৰ পৰা ওলাই আহিবলৈ আৰম্ভ কৰিছিল। চাৰিওফালে মৰণকাতৰ চিঞৰ। মিনতিয়ে তেতিয়া আৰু বুজিবলৈ বেছি সময় নালাগিল যে, নাওখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ কথা।





মিনতি নাওখনৰ কেবিনৰ পৰা ওলাই অহাৰ সময়তে নাওখন পানীত ডুব যাবলৈ আৰম্ভ কৰে। আৰু সেইসময়তে মিনতীৰ হাতৰ পৰা দুৰ্ভাগ্যবশতঃ দুমহীয়া ছোৱালীজনী পিচলি ব্ৰহ্মপুত্ৰৰ বুকুত পৰে। মিনতিৰো মুখ আৰু নাকৰ ভিতৰতো নদীৰ পানী সোমায়।

"মই সম্পূৰ্ণৰূপে খালী, চকুৰ আগত দেখি আছিলো যে, মোৰ ছোৱালীজনী পানীত ডুব গৈ আছে। মোৰ পৰা আঁতৰি আঁতৰি গৈ আছে। পানীৰ পৰা তাইৰ সৰু সৰু আঙুলিবোৰ ওলাই আছে। আৰু বহু চেষ্টাৰ অন্তত মই ছোৱালীজনীৰ হাতখন ধৰিবলৈ সক্ষম হৈছিলো।আৰু আনখন হাতেৰে ডুব যোৱা নাওখন খামুচি ধৰিছিলো। যদিও মোৰ নাকৰ ভিতৰত পানী সোমাইছিল, সৌভাগ্যক্ৰমে মই সাতুৰিব জানিছিলো। আৰু যেনেতেনে মই নাওখনৰ তলৰ পৰা উঠিবলৈ সক্ষম হ'লো। মই জানিছিলো যে, তেতিয়ালৈকে মোৰ ছোৱালীজনী সুৰক্ষিত হৈ আছিল। আৰু তেতিয়ালৈকে স্থানীয় নাৱৰীয়াসকলে আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান।''- নাও দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা মিনতিয়ে এনেদৰে কয়।



"সেই সময়তে মই আন দুজনী ছোৱালী পানীত ডুব যোৱা দেখিছিলো। সম্ভৱতঃ ছোৱালীকেইজনীয়ে সাতুৰিব নাজানিছিল। মোৰ হাতত আছিল মোৰ ছোৱালীজনী। মই সেইসময়ত কিবা এটা কৰাৰ প্ৰয়োজন অনুভৱ কৰিলো। লগে লগে মই মোৰ গাৰ চাদৰখন খুলি ছোৱালী দুজনীৰ ফালে দলিয়াই দিলো। সৌভাগ্যক্ৰমে ছোৱালী দুজনীয়ে ধৰিবলৈ সক্ষম হ’ল। আৰু জীৱনো ৰক্ষা পৰিল।" মিনতিয়ে কয়।

এতিয়া সকলোৱে মৰমেৰে নয়নমণি বুলি মতা দুমহীয়া ছোৱালীজনীক ছমাহৰ পিছত পৰম্পৰাগতভাবে নামাকৰণ কৰিব। ভয়ংকৰ ঘটনাটোৰ বিষয়ে একো নজনা কণমানি নয়নমণিয়ে মাকৰ সৈতে যোৰহাটত কিছুদিন কটাই ১৩ ছেপ্তেম্বৰৰ দিনা মাজুলীৰ বৰদোৱা চাপৰিৰ নিজা ঘৰলৈ উভতি আহে।
Published by: Himangshu Bhuyan
First published: September 13, 2021, 7:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি