মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Boat Accident: নিমাতীৰ নাওঁ দুৰ্ঘটনাত সন্ধানহীন দুজন ব্যক্তিৰ সন্ধান ওলোৱা নাই, হঠাৎ ক’ত হেৰাই গ’ল সাঁতোৰাত পাকৈত চিকিৎসক ডাঃ বিক্ৰমজিত?

Assam Boat Accident: নিমাতীৰ নাওঁ দুৰ্ঘটনাত সন্ধানহীন দুজন ব্যক্তিৰ সন্ধান ওলোৱা নাই, হঠাৎ ক’ত হেৰাই গ’ল সাঁতোৰাত পাকৈত চিকিৎসক ডাঃ বিক্ৰমজিত?

News18 Assam | News18-Assam
Updated:September 11, 2021, 7:34 AM IST
Assam Boat Accident: নিমাতীৰ নাওঁ দুৰ্ঘটনাত সন্ধানহীন দুজন ব্যক্তিৰ সন্ধান ওলোৱা নাই, হঠাৎ ক’ত হেৰাই গ’ল সাঁতোৰাত পাকৈত চিকিৎসক ডাঃ বিক্ৰমজিত?
Assam Doctor Missing: ডাঃ বিক্ৰম ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গৈ কোনো নিৰ্জন চাপৰিত আবদ্ধ হৈ আছে নেকি ! এই আশাৰে বৰ্তমান সকলোৱে বাট চাই ৰৈছে ।

Assam Doctor Missing: ডাঃ বিক্ৰম ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গৈ কোনো নিৰ্জন চাপৰিত আবদ্ধ হৈ আছে নেকি ! এই আশাৰে বৰ্তমান সকলোৱে বাট চাই ৰৈছে ।

  • News18 Assam
  • Last Updated: September 11, 2021, 7:34 AM IST
  • Share this:
নিমাতীঘাটৰ সমীপত যোৱা বুধবাৰে বিয়লি সংঘটিত ভয়ংকৰ নাওঁ দুৰ্ঘটনাত সন্ধানহীন হৈ থকা দুজন ব্যক্তিৰ এজন হ’ল যোৰহাটৰ চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱা । মাজুলীলৈ বদলি হোৱাৰ পূৰ্বে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কৰ্মৰত আছিল বিক্ৰম । জীৱনৰ প্ৰতিটো ক্ষণেই আনন্দৰ মাজেৰে পাৰ কৰিব বিচৰাটো ডা: বিক্ৰমৰ এটা বিশেষ গুণ আছিল । সেয়েহে বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত এজন খোলা অন্তৰৰ মানুহ হিচাবে জনপ্ৰিয় আছিল বিক্ৰম । নিঃস্বাৰ্থ ভাবে বহুতকে সহায় কৰিবলৈ আগবাঢ়ি যোৱা গুণৰ বাবে বহুতৰে মাজত পৰিচিত নাম আছিল ডাঃ বিক্ৰম । ডাঃ বিক্ৰম সন্ধানহীন হৈ থকাৰ খবৰে সেয়েহে বহুজনৰ বুকুত তোলপাৰ লগাই আছে ।

মাজুলীত কৰ্মৰত ডাঃ বিক্ৰমৰ ক’ভিড ডিউটি আছিল । সেয়েহে বিয়লিৰ ফেৰীখনত মাজুলীলৈ গৈছিল । কণমানি দুই সন্তান আৰু পত্নীক বিদায় জনাই গতানুগতিক ভাৱে ঘৰৰ পৰা মাজুলীলৈ ওলাই গৈছিল বিক্ৰম । কিন্তু বুধবাৰৰ অভিশপ্ত ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা বিক্ৰম সন্ধানহীন হৈ থকা খবৰে বিচলিত কৰি তুলিছে সকলোকে ।

দুই সন্ধানহীন লোকৰ সন্ধানত যোৰহাট জিলা প্ৰশাসনে এন ডি আৰ এফ , এছ ডি আৰ এফ তথা ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । এই উদ্ধাৰ অভিযানলৈ সহযোগিতা আগবঢ়াইছে গোলাঘাট জিলা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষইয়ো । ডাঃ বিক্ৰমজিত বৰুৱাৰ বন্ধুৰ তালিকাত আছিল একাংশ প্ৰশাসনিক বিষয়া , আৰক্ষী বিষয়া আৰু সাংবাদিক । সকলোৱে অতি উদ্বিগ্নতাৰে বাট চাই ৰৈছে বিক্ৰমৰ সন্ধান ওলোৱালৈ । যোৰহাটৰ উপায়ুক্ত তথা শীৰ্ষ প্ৰশাসনিক বিষয়াসকলে উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছে । শুক্ৰবাৰে ডাঃ বিক্ৰমৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে।




নাওঁখন ডুব যোৱাৰ কেইমুহূৰ্তমান পূৰ্বে পিঠিত এটা বেগ লৈ থকা এজন লোকে আনখন নাঁৱলৈ যাবলৈ পানীত জাপ দিয়া এটা ভিডিঅ'ই বহুতকে উদ্বিগ্ন কৰি ৰাখিছে । একাংশই ধাৰণা কৰা মতে আনখন নাঁৱৰ পৰা দলিয়াই দিয়া এ়ডাল ৰচিত ধৰিবলৈ সাঁতুৰি অহা এই লোকজনেই হৈছে ডাঃ বিক্ৰম । কিন্তু এটা শক্তিশালী শৰীৰৰ অধিকাৰী তথা সাঁতোৰাত পাকৈত চিকিৎসকগৰাকী হঠাৎ ক'ত হেৰাই গ’ল সেই কথাই সকলোকে উদ্বিগ্ন কৰি ৰাখিছে । আনহাতে সেই লোকজনেই ডাঃ বিক্ৰম আছিল নেকি বা চিকিৎসকগৰাকীক শেষ মুহূৰ্তত কেনেদৰে দেখা গৈছিল সেই বিষয়ে যদিহে নাওঁখনত উপস্থিত থকা কোনো লোকে দেখা পাইছিল সেয়া জনাবলৈ ডাঃ বিক্ৰমৰ পৰিয়ালে সকলোলৈকে আহ্বান জনাইছে ।

" বিক্ৰমৰ বুধবাৰে নিশাৰে পৰা কভিড ডিউটি আছিল । তেওঁ ভালদৰে সাঁতুৰিবও জানে । কিন্তু হঠাৎ কি হৈ গ’ল আমি বুজি পোৱা নাই । বিক্ৰমক ফেৰিখনত শেষ অৱস্থাত যদিহে কোনো লোকে দেখিছিল , তেওঁ কি কৰি আছিল বা ভিডিঅ'ত দেখা লোকজনেই বিক্ৰম হয় নেকি তাৰ যদিহে কোনো প্ৰত্যক্ষদৰ্শী আছে অনুগ্ৰহ কৰি সেই বিষয়ে আমাক তথা প্ৰশাসনক জনাবলৈ অনুৰোধ কৰিছো ।", অতি উদ্বিগ্নতাৰে ডাঃ বিক্ৰমৰ চিকিৎসক পত্নী ডাঃ অৰুণিমাই এনেদৰে কয় ।

সকলোৰে মনত এতিয়াও আছে কিছু আশা । কাৰণ জীৱনটো হাঁহিৰে উপভোগ কৰি ভাল পোৱা তথা আনকো হাঁহিবলৈ অনুপ্ৰাণিত কৰি অহা ডাঃ বিক্ৰম ব্ৰহ্মপুত্ৰৰ কোবাল সোতত উটি গৈ কোনো নিৰ্জন চাপৰিত আবদ্ধ হৈ আছে নেকি ! এই আশাৰে বৰ্তমান সকলোৱে বাট চাই ৰৈছে । হঠাৎ যেন ডাঃ বিক্ৰমৰ মাতষাৰ শুনা পোৱা যাব , " এই দোষ্টি , যেনেতেনে বাচিলো দেই ...। নতুন অভিজ্ঞতা হ’৸যল । ব্ৰহ্মপুত্ৰৰ মাজৰ নিৰ্জন বালিচৰত কেইদিনমান থাকি চাবি না ..."
First published: September 11, 2021, 7:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি