কেনেকৈ বিধ্বংসী ঘূৰ্ণীবতাহৰ নাম হ’ল ফণী? ফণী নামটোৰ অৰ্থ কি?

ভাৰত মহাসাগৰৰ বুকুৰ পৰা সৃষ্ট এই বিধ্বংসী ধুমুহাজাকৰ মুঠ ৬৪টা নাম ৮খন দেশে প্ৰস্তাৱ কৰি থৈছে। সৰ্বশেষত বাংলাদেশে দিয়া ফণী নামটো গ্ৰহণ কৰা হয়।

news18assam
Updated:May 4, 2019, 12:01 AM IST
কেনেকৈ বিধ্বংসী ঘূৰ্ণীবতাহৰ নাম হ’ল ফণী? ফণী নামটোৰ অৰ্থ কি?
ভাৰত মহাসাগৰৰ বুকুৰ পৰা সৃষ্ট এই বিধ্বংসী ধুমুহাজাকৰ মুঠ ৬৪টা নাম ৮খন দেশে প্ৰস্তাৱ কৰি থৈছে। সৰ্বশেষত বাংলাদেশে দিয়া ফণী নামটো গ্ৰহণ কৰা হয়।
news18assam
Updated: May 4, 2019, 12:01 AM IST
টেলিভিছনৰ পৰা ছচিয়েল মিডিয়ালৈকে এইমুহূৰ্তত সবাতোকৈ চৰ্চিত নামটো হৈছে ফণী। ওড়িশাৰ উপকূলত ঘণ্টাত প্ৰায় ২০০ কিলোমিটাৰ বেগত খুন্দা মৰা ফণীক লৈ উদ্বিগ্ন সমগ্ৰ দেশৰ লগতে অসমো। কিন্তু অসমীয়াই ফেচবুকত আটাইতকৈ বেছিকৈ চৰ্চা কৰিছে ফণীৰ নামটোক লৈ। ফণী নামটো কেনেকৈ আহিল? কোনে ঘূৰ্ণীবতাহজাকৰ নাম ফণী ৰাখিলে আৰু কিয়? প্ৰতিবাৰ একোটা বিশেষ নামেৰে কিয় সাগৰৰ বুকুত সৃষ্ট ঘূৰ্ণীবতাহক সম্বোধন কৰা হয়?

ফণী নামটো প্ৰস্তাৱ কৰিছিল বাংলাদেশে। বিশ্ব বতৰ বিজ্ঞান সংস্থাই এনেকুৱা নিয়ম কৰি থৈছে যে দেশসমূহে সময়ে সময়ে এনে প্ৰাকৃতিক বিপত্তিৰ নামৰ তালিকা দাখিল কৰিব লাগে। ঘূৰ্ণীবতাহৰ নাম ইয়াৰ পৰা বাছনি কৰি হয়।

সাধাৰণতে উত্তৰ ভাৰত মহাসাগৰৰ বুকুত সৃষ্ট ঘূৰ্ণীবতাহৰ নাম ভাৰত, শ্ৰীলংকা, বাংলাদেশ,মালদ্বীপ,অ’মান,পাকিস্তান আৰু থাইলেণ্ডে প্ৰেৰণ কৰে। আঞ্চলিক ঘূৰ্ণীবতাহ কমিটীলৈ নিজৰ নিজৰ নামসমূহ দেশে প্ৰেৰণ কৰে।

এই মুহূৰ্তত আঠোখন দেশেই ভৱিষ্যতে আহিবলগীয়া ঘূৰ্ণীবতাহৰ বাবে নাম প্ৰস্তাৱ কৰি থৈছে? এই তালিকাৰ ৬৪টা নামৰ পৰা বাংলাদেশে প্ৰস্তাৱ কৰা ফণী নামটো এইবাৰ নিৰ্বাচন কৰা হ’ল। সাপৰ ফণাৰ পৰা সৃষ্টি হৈছে ফণী নামটো।

ফণী অহাৰ পূৰ্বে ২০১৪চনত হুৰহুৰ, ২০১৭ত অক্ষি, ২০১৮ত তিতলী আৰু গাজা আহিছিল।

বংগোপ সাগৰ আৰু আৰব মহাসাগৰৰ বুকুত সৃষ্ট ঘূৰ্ণীবতাহৰ নামকৰণৰ বাবে WMO/ESCAP নামৰ আঠখন দেশৰ এক সমূহ আছে। ২০০৪চনৰ পৰা এই গোটে নামাকৰণ কৰি আহিছে।

তালিকাৰ পৰা নাম বাচনি কৰাৰ প্ৰক্ৰিয়াও আকৰ্ষণীয়। প্ৰতিখন দেশে আঠটাকৈ নাম পঠিয়ায়। ইয়াক ৮x৮ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। প্ৰথম কলমৰ প্ৰথম নামেৰে প্ৰথমজাক ঘূৰ্ণীবতাহৰ নাম দিয়া হৈছিল। সেই নাম আছিল বাংলাদেশে দিয়া অনিল। প্ৰতি ঘূৰ্ণীবতাহ অহাৰ পূৰ্বে বাচনি কৰা নামৰ ঠিক তলৰ নামটো গ্ৰহণ কৰা হয়। একেবাৰে তললৈ অহাৰ পিছত দ্বিতীয় কলমৰ নাম আৰম্ভ হয়। এইপৰ্যন্ত তালিকাখনৰ প্ৰথম সাতটা কলমৰ নাম শেষ হৈছে। এইবাৰ অষ্টম কলমৰ প্ৰথম নাম আকৌ বাংলাদেশে প্ৰস্তাৱ কৰা ফণী। ইয়াৰ পৰৱৰ্তী ঘূৰ্ণীবতাহৰ নাম হ’ব বায়ু। তালিকাখন শেষ হ’ব এম্ফান নামেৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি