মুখ্যপৃষ্ঠা »খবৰ »অসম »Zubeen Garg: বিহু অনুষ্ঠানৰ পাছতে ক'ত ব্যস্ত থাকিব জুবিন গাৰ্গ?

Zubeen Garg: বিহু অনুষ্ঠানৰ পাছতে ক'ত ব্যস্ত থাকিব জুবিন গাৰ্গ?

বিহু অনুষ্ঠানৰ পাছতে ক'ত ব্যস্ত থাকিব জুবিন গাৰ্গ?

বিহু অনুষ্ঠানৰ পাছতে ক'ত ব্যস্ত থাকিব জুবিন গাৰ্গ?

নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানক লৈ শিল্পীগৰাকীৰ মন্তব্য, "কৰ্ম সংস্থাপন পালে ভাল কথা ৷" লগতে কয়, "চৰকাৰী চাকৰিৰ সমান্তৰালকৈ উৎপাদনমূলক কামত নিজকে নিয়োগ কৰিব লাগিব যুৱক-যুৱতীসকলে ৷ কিয়নো উৎপাদন বৃদ্ধি নকৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে চিঞৰি থাকি লাভ নাই ৷" যিসকলৰ মাটি-বাৰী আছে তেওলোকক কৃষিকৰ্ম কৰাৰ পৰামৰ্শ জুবিন গাৰ্গৰ ৷

  • Share this:
মঙলবাৰে শিল্পী জুবিন গাৰ্গ আৰু সান্নিধ্য ভূঞাৰ "নিশিগন্ধা" শীৰ্ষক গান এটি মুকলি কৰে ৷ ৰাজগড়ৰ অভিনয়াত জুবিন গাৰ্গে মুকলি কৰে গানটো ৷ মেল'ডী গানটো শ্ৰোতাই আদৰি ল'ব বুলি আশাবাদী জুবিন গাৰ্গ ৷ উল্লেখ্যযে পৰৱৰ্তী দিনত ভিডিঅ' কৰাৰ পৰিকল্পনা জুৱিনৰ ৷ গীতটোৰ প্ৰমো ইতিমধ্যে আদৰি লৈছে শ্ৰোতাই ৷

নতুন গীতটো মুকলি কৰি জুবিন গাৰ্গে কয় যে বিহু শেষ কৰি পুনৰ আৰম্ভ কৰিব ছবিৰ কাম। আৰু দুখন বিহু অনুষ্ঠান বাকী তাৰপিছত আৰম্ভ কৰিব ছবিৰ কাম ৷ অৱশ্যে তাৰপূৰ্বে বাহিৰলৈ ফুৰিব যাব জুবিনে ৷ নিজে গাড়ী চলাই আলাক্সা, আমাজন ভ্ৰমণ কৰিব শিল্পী গৰাকীয়ে ৷ জুবিনৰ নতুন ছবি 'ৰৈ ৰৈ বিনালে'ৰ ইতিমধ্যে গানৰ কাম শেষ হৈছে বুলি জনায় জনপ্ৰিয় শিল্পী গৰাকীয়ে ৷ অক্টোবৰৰ পৰা আৰম্ভ কৰিব ছবিৰ কাম ৷ আবেগ, অনুভূতি ভৰা এখন ছবি দেখিবলৈ পাব দৰ্শকে ৷ য'ত কণ্ঠশিল্পী নীল আকাশে অভিনয় কৰা দেখিবলৈ পাব।

অন্ধ এগৰাকী শিল্পীৰ ৰূপত দেখা পাব জুবিনক ৷ উল্লেখ্য যে ইপিনে ৰাজ্য চৰকাৰৰ অধীনত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ২৫ মে'ত বিতৰণ হব ৪৫ হাজাৰ নিবনুৱাক নিযুক্তি পত্ৰ ৷ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানক লৈ শিল্পীগৰাকীৰ মন্তব্য, "কৰ্ম সংস্থাপন পালে ভাল কথা ৷" লগতে কয়, "চৰকাৰী চাকৰিৰ সমান্তৰালকৈ উৎপাদনমূলক কামত নিজকে নিয়োগ কৰিব লাগিব যুৱক-যুৱতীসকলে ৷ কিয়নো উৎপাদন বৃদ্ধি নকৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে চিঞৰি থাকি লাভ নাই ৷" যিসকলৰ মাটি-বাৰী আছে তেওলোকক কৃষিকৰ্ম কৰাৰ পৰামৰ্শ জুবিন গাৰ্গৰ ৷

শেহতীয়া বাতৰি