• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘প্ৰধানমন্ত্ৰী মোদীৰ ৭২তম জন্মদিনৰ লগত সংগতি ৰাখি দিয়া হ’ব ১ হাজাৰ অমৃত সৰোবৰৰ লগতে ১ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ’:- মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

‘প্ৰধানমন্ত্ৰী মোদীৰ ৭২তম জন্মদিনৰ লগত সংগতি ৰাখি দিয়া হ’ব ১ হাজাৰ অমৃত সৰোবৰৰ লগতে ১ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ’:- মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

অমৃত সৰোবৰ নিৰ্মাণৰ বাবে এটা পৰ্টেল মুকলি কৰা হ’ব।

অমৃত সৰোবৰ নিৰ্মাণৰ বাবে এটা পৰ্টেল মুকলি কৰা হ’ব।

অমৃত সৰোবৰ নিৰ্মাণৰ বাবে এটা পৰ্টেল মুকলি কৰা হ’ব।

  • Share this:
আগন্তুক ১৭ ছেপ্তেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২তম জন্মদিন। জানিব পৰা মতে, প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি উক্ত দিনটোত ১ লাখ প্ৰধানমন্ত্ৰী আবাস যোজনা আৰু ১ হাজাৰ অমৃত সৰোৱৰ আৱণ্টন দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷ এই কথা জনালে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷

দেওবাৰে বৰপেটাৰোডৰ বিজেপিৰ ১৬০ নং বুথ কমিটিৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানত অংশগ্ৰহণ গ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজ্যখনত তিনি হাজাৰ সাতটা অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ বাবে পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি আগন্তুক ১৭ চেপ্তেম্বৰৰ দিনা দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে একেদিনাই ১ হাজাৰ অমৃত সৰোবৰৰ কাম আৰম্ভ কৰিব বুলিও কয় ৷

তেখেতে জনায় যে অমৃত সৰোবৰ নিৰ্মাণৰ বাবে এটা পৰ্টেল মুকলি কৰা হ’ব। ইয়াৰোপৰি, বিগত কিছুদিন পূৰ্বে যোৰহাটত ৫ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৱণ্টন দিয়াৰ কথা উল্লেখ কৰি আগন্তুক ১৭ চেপ্তেম্বৰৰ দিনাখন পুনৰ ১ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৱণ্টন দিয়া হ’ব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰলসভাৱে দেশৰ হকে কাম কৰি থকাৰ বাবে তেখেতৰ জন্মদিনৰ দিনা এনে কৰিব বুলি ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে ৰণজিৎ কুমাৰ দাসে৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত কেৱল বিজেপিৰ কাৰ্যসূচী নহয় সমগ্ৰ দেশৰ জনসাধাৰণৰ কাৰ্যসূচী বুলিও প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি