বহিঃৰাজ্যৰ পৰা উভতি আহিছে প্ৰতিদিনাই বৃহত্ সংখ্যক লোক
বহিঃৰাজ্যৰ পৰা উভতি আহিছে প্ৰতিদিনাই বৃহত্ সংখ্যক লোক
বহিঃৰাজ্যৰ পৰা উভতি আহিছে প্ৰতিদিনাই বৃহত্ সংখ্যক লোক। বহিঃৰাজ়্যৰ পৰা অহা লোকসকলক ৰাজ্যৰ বিভিন্ন হোটেলত কোৱাৰেণ্টাইন কৰা হৈছে। যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে হোটেলৰ কৰ্মচাৰীসকলক। গতিকে কৰ্মচাৰীসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ এতিয়া চৰকাৰক দাবী জনাইছে ‘ALL ASSAM HOSPITALITY WORKERS ASSOCIATION’এ।
পল্টনবজাৰস্থিত ‘হোটেল বন্দনা’ৰ কৰ্তৃপক্ষই অভিযোগ কৰে যে, হেটেলখনত কোৰোণাৰ ৰোগী পোৱাৰ পিছতো বৰ্তমানলৈকে হোটেলত চেনিটাইজ কৰা হোৱা নাই ৷ ১৯ মে’ৰ পৰা ফোন কৰাৰ পিছতো ২৫ মে’লৈকে কোনো নাহিল চেনিটাইজ কৰিবলৈ। আনকি কৰ্মচাৰীসকলৰ স্বাস্থ্যও পৰীক্ষা কৰাৰো কোনো ব্যৱস্থা কৰা হোৱা নাই।
‘ALL ASSAM HOSPITALITY WORKERS ASSOCIATION’ৰ বিষয়ববীয়াসকলে আন এক অভিযোগ কৰে যে, কামৰূপ মহানগৰ জিলাতহে সামান্য পৰিমাণে প্ৰশাসনে সুৰক্ষা ব্যৱস্থা লৈছে যদিও ৰাজ্যৰ বিভিন্ন সৰু সৰু স্থানৰ হোটেল সমূহত নাই প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা। সংস্থাটোৱে এতিয়া হোটেলৰ কৰ্মচাৰীসকলক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰো দাবী জনাইছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|