ডবকা, মোৰাঝাৰ, যমুনামুখ, লংকা, লামডিঙত হোটেল ব্যৱসায়ীৰ লোকচান। কাৰ্ফিউৰ সময় হ্ৰাস কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান।
ডবকা, মোৰাঝাৰ, যমুনামুখ, লংকা, লামডিঙত হোটেল ব্যৱসায়ীৰ লোকচান। কাৰ্ফিউৰ সময় হ্ৰাস কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান।
সমগ্ৰ ৰাজ্যতেই উদ্বেগজনক ভাৱে বৃদ্ধি পোৱা কোভিডক ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাত কঁকাল ভাঙিছে ৰাজ্যৰ হোটেল, ৰেস্তোৰা ব্যৱসায়ীৰ লগতে ঠেলা চালক, টেক্সি চালকআৰু ৰিক্সা চালক সকলৰ।
হোজাই জিলাৰ ডবকা, মোৰাঝাৰ, যমুনামুখ, লংকা, লামডিঙতো একাংশ হোটেল ব্যৱসায়ী বৃহৎ লোকচানৰ সন্মুখীন হৈছে। দিনৰ ১১ বজাৰ লগে লগে বন্ধ কৰি দিয়া হয় হোটেল সমূহ। হোটেলৰ মিঠাই জাতীয় খাদ্য সামগ্ৰী নষ্ট হোৱাত মূৰে কপালে হাত দিছে ব্যৱসায়ী সকলে।
কৰ্মচাৰীৰ দৰমহা, বিদ্যুতৰ বিল, ৰুম ভাড়া আদায় দিবলৈও উপায়হীন হৈ পৰিছে হোটেল ব্যৱসায়ী সকল।
তেওঁলোকৰ চৰকাৰৰ প্ৰতি আহ্বান যাতে কাৰ্ফিউৰ সময় আৰু অলপ কমাই তেওঁলোকক ব্যৱসায় কৰাৰ সুযোগ প্ৰদান কৰে। লগতে বিদ্যুতৰ বিল আৰু ব্যৱসায়িক প্ৰতিস্থানৰ ভাড়াৰ ক্ষেত্ৰতো মালিক পক্ষৰ লগত চৰকাৰে আলোচনাৰ মাধ্য়মেৰে ৰেহাইৰ ব্যৱস্থা কৰি দিয়ে।
আনহাতে হোজাইৰ অন্যান্য প্ৰান্তৰ লগতে ডবকাৰ শতাধিক ঠেলা চালক, ৰিক্সা চালকৰ পৰিয়ালৰ জীৱনলৈ নামি আহিছে গভীৰ সংকট। ভাড়া বিচাৰি ওলাই আহিলেও দিনটোৰ খোৰাকী যোগাৰ কৰিব পৰাকৈও ভাড়া নাপায় ৰিক্সা, ঠেলা চালকসকলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|